ASSAM TIMES POST
অজন্তা তালুকদাৰ
আৰক্ষী, চিকিৎসাকৰ্মী, সাধাৰণ প্ৰশাসনৰ সমানে সমানে নিজৰ সেৱাত জড়িত থকা ৰাজ্যখনৰ সমূহ সাংবাদিকলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই।

এক বিবৃতিত সভাপতি গৰাকীয়ে কয় যে এই দুৰ্যোগৰ সময়ত ৰাজ্যখনৰ সাংবাদিক সকলে প্ৰত্যাহ্বানৰ সন্মুখীন হৈও চতুৰ্থ স্তম্ভৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি প্ৰতিটো খবৰ অসমবাসীক যোগান ধৰি অহাটো নিতান্তই ধন্যবাদযোগ্য। এই সময়ছোৱাত সেৱা আগবঢ়াই থকা সাংবাদিক সকলক স্থানীয় প্ৰশাসন, চৰকাৰেও সহযোগিতা প্ৰদান কৰা উচিত বুলি সভাপতি গৰাকীয়ে মত পোষণ কৰে।













