ASSAM TIMES POST
বোকাখাত : সামাজিক ব্যৱধান মানি চলাটোৱেই কৰ’ণা সংক্ৰমণ ৰোধৰ অন্যতম উপায় বুলি সতৰ্ক কৰি থকাৰ পাছতো অসমৰ বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ চাউলৰ লগতে যাবতীয় গেলামাল সামগ্ৰী বিতৰণৰ বাবে অসম সৰ্বশিক্ষা অভিযান মিছনে বাৰম্বাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰা কাৰ্যত হতভম্ব হৈ পৰিছে অভিভাৱক আৰু শিক্ষক সমাজ।
মিছনৰ পি এম এ ২৩৪/২০১৮/পি টি/৪৬ নিৰ্দেশৰ আধাৰত প্ৰতিখন জিলা মিছন সমন্বয়কে ধৰি জন-সমাগম নোহোৱাকৈ নিৰাপদ দূৰত্ব ৰক্ষা কৰি বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল আৰু অন্যান্য সামগ্ৰী বিতৰণৰ নিৰ্দেশ দিছে। কৰ’ণাৰ ভয়াবহতাৰ পৰা ৰক্ষা পাবৰ বাবেই হকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। সামাজিক মিলামিচা হ্ৰাস কৰিবৰ বাবেই বন্ধ দিয়া হৈছে শিক্ষানুষ্ঠান।
তেনে সময়ত বিদ্যালয় সমূহত মধ্যাহ্ন ভোজন বিতৰণ কৰিবলৈ নিৰ্দেশ দি বিভাগটোৱে দুমুখীয়া স্থিতি গ্ৰহণ কৰা বুলি অভিযোগ উঠিছে। ইফালে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰাৰ লগত আজি যোগাযোগ কৰাত কয় যে চৰকাৰী নিৰ্দেশ পালন শিক্ষকে কৰিব লাগিব। কিন্তু উল্লিখিত নিৰ্দেশটোত শিক্ষকসকল কোনো অসুবিধাৰ সন্মুখীন নহ’ব অথবা স্থানীয় প্ৰশাসন, আৰক্ষীয়ে শিক্ষকক সহায় কৰিব বুলি ক’তো উল্লেখ নাই।
যি সময়ত চাউল বিতৰণ কৰিব বুলি ভুৱা প্ৰচাৰ চলোতেই গুৱাহাটীৰ ‘মহানাগৰিকে’ লক-ডাউন উলংঘন কৰি সামাজিক দূৰত্ব ব্যাহত কৰি ওলাই আহিল, তেনে সময়ত বিদ্যালয়ত চাউল চাউল বিতৰণৰ বাবে দিয়া নিৰ্দেশ কিমান মাৰত্মক হ’ব সিও চিন্তনীয়। দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ‘টোটেল লক-ডাউন’ বুলি কৰা ঘোষণা অসাৰ কৰি এনে বিভ্ৰান্তিকৰ নিৰ্দেশ কিয় দিছে, এই নিৰ্দেশ সম্পৰ্কে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ জ্ঞাত হয় নে নহয় সেই লৈও সন্দেহ প্ৰকাশ কৰে।













