ASSAM TIMES POST
নিউজ ডেস্ক
গুৱাহাটী জু-ৰোডস্থিত বিলাসী অট্টালিকা স্পেনিচ গাৰ্ডেনত প্ৰথম গৰাকী নিজামুদ্দিনৰ সৈতে জড়িত নথকা ব্যক্তি আক্ৰান্ত হৈছে ক’ভিড-১৯ত।ব্যক্তি গৰাকী যোৱা ১০মার্চত দিল্লী পৰা ঘূৰি উভতি আহিছিল।১৪দিনত ব্যক্তিগৰাকীৰ দেহত ধৰা পৰা নাছিল ক’ভিড-১৯।সম্পূৰ্ন ২৫দিনত ধৰা পৰিছে ক’ভিড-১৯।
ব্যক্তিগৰাকীক সৰুসজাই কোৱাৰাণ্টাইন শিবিৰত ৰখা হৈছিল।ক’ভিড-১৯ উপস্থিতি ধৰা পৰাত ব্যক্তি গৰাকীক লৈ অনা হয় গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ। ইফালে ব্যক্তিগৰাকীৰ গাত ক’ভিড-১৯ধৰা পৰা পিছতে পৰিয়ালৰ অন্য ব্যক্তিসকলকো স্বাস্থ্য বিভাগৰ ফালৰ পৰা গুৱাহাটীৰ মেডিকেল কলেজৰ কোৱাৰাণ্টাইন শিবিৰলৈ নিয়া হৈছে।
গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যত বৰ্তমান লৈ ২৪গৰাকী ব্যক্তি আক্ৰান্ত হৈছে ক’ভিড-১৯।২৩গৰাকী নিজামুদ্দিনৰে জড়িত।ইফালে জিলা হিচাপত সৰ্বাধিক গোলাঘাট জিলাত সৰ্বাধিক ৯জন চিনাক্ত হৈছে কভি’ড-১৯।













