ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলং : মুখ্য মন্ত্ৰীৰ পশ্চিম কাৰ্বি আংলং জিলা ভ্ৰমণ । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাতো কৰʼণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তা থকা লোকক চিকিৎসা প্ৰদান তথা কোৱাৰেন্টাইন কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা হাতত লৈছে ।

জিলাখনৰ ডংকামোকামস্থিত ৰংখাং আৰ.এম.এচ.এচ.মʼডেল স্কুলত স্থাপন কৰা ১৬ খন কোৱাৰেন্টাইন বিছনা তথা চিকিৎসা ব্যৱস্থাৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডংকামোকামত উপস্থিত হয় । কোৰেন্টাইন ব্যৱস্থা পৰিদৰ্শনৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং, স্বায়িত শাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাং,সাংসদ হৰেনছিং বেৰ সৈতে মিলিত হয় ডংকামোকাম ষ্টুডিয়ামত অনুষ্ঠিত কৰা কৰনা ভাইৰাছ সন্দৰ্ভৰ এখন বৈঠকত।
উক্ত বৈঠকৰ অন্তত কৰোণা ভাইৰাচৰ বিৰুদ্ধে যুঁজ দি থকা বিভাগীয় বিষয়া, কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন আৰু কাৰ্বি আংলংবাসীক সম্বোধন কৰি সোনোৱালে অব্যাহত থকা ২১ দিনীয়া লকডাউন অসমবাসীৰ লগতে পশ্চিম কাৰ্বি আংলংবাসীয়ে নিষ্ঠাৰে, শৃংখলাবদ্ধভাৱে আৰু পৰিষ্কাৰকৈ পালন কৰিবলৈ আহ্বান জনায়। লগতে অসমৰ ৩৩খন জিলাৰ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষিত হৈ থকাৰ কামনা কৰে ৷ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত স্বাস্থ্য বিভাগে দিনে নিশাই বহু কষ্ট স্বীকাৰ কৰি বিভিন্ন পদক্ষেপ লৈছে অসমত ৷
কোৰেন্টাইন ব্যৱস্থা পৰিদৰ্শনৰ অন্তত সাংবাদিকক কয় – মাননীয় নৰেন্দ্ৰ মোদীয়ে ৫ এপ্ৰিলত নিশা ৯ বজাত ৯ মিনিটৰ বাবে দেশৰ জনসাধাৰণক লাইট অফ কৰি মম, টৰ্চ নাইবা মʼবাইলৰ ফ্লাচ লাইট জ্বলাবলৈ আহ্বান জনাইছে । আমি তেখেতৰ আহ্বানৰ প্ৰতি সহাৰি জনাই কৰʼনাৰ বিৰুদ্ধে যুঁজ দি জয়ী হ’ব লাগিব । মুখ্য মন্ত্ৰীয়ে কৰʼনা আক্ৰান্ত সকলৰ বাবে ২৪ ঘন্টাই নিয়োগ হৈ থকা চিকিৎসাকৰ্মী সকলৰ শলাগ লয় । সংবাদ মাধ্যমৰ ব্যক্তিসকলেও এই ক্ষেত্ৰত অহৰহ কাম কৰাৰ কথা স্বীকাৰ কৰে মুখ্যমন্ত্ৰীয়ে ।













