ASSAM TIMES POST
বোকাখাত : বিশ্ব ব্যাপি আতংক সৃষ্টি কৰা কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ চৰকাৰে লোৱা পদক্ষেপৰ সমান্তৰালভাৱে বোকাখাতৰ বিভিন্ন গাঁৱত প্ৰশাসন, অনুষ্ঠান বা ব্যক্তিৰ সহযোগত আৰম্ভ হৈছে পৰিষ্কৰণৰ ব্যৱস্থা। বোকাখাত মহকুমাৰ বালিজান নতুন গাঁৱৰ উদ্যোগত দহ জনীয়া এটা যুৱকৰ তত্বাৱধানত মহকুমাটোত সৰ্বপ্ৰথমে আৰম্ভ হৈছিল এই চেনিটাইজেশ্ব্যন আৰু কৰোণাৰ প্ৰতিৰোধৰ ব্যাপক সজাগতা।


গাঁৱৰ দুগৰাকী সদস্যই ভলণ্টিয়াৰৰ ৰূপত ঘৰে ঘৰে যোগান ধৰিছে শাক পাছলী, গেছ চিলিন্দাৰ, ঔষধৰ লগতে প্ৰয়োজনীয় সামগ্ৰী। এই দলটোৱে নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি বোকাখাত নগৰৰ লগতে মহকুমাটোৰ বহুকেইখন গাঁৱত ঘৰে ঘৰে আৰু ৰাজহুৱা স্থানতো প্ৰয়োজনীয় পৰিষ্কৰণৰ পানীয় স্প্ৰে কৰিছে। গোটেই অভিযানটোৰ এই পৰিষ্কৰণ পানীয়ত ব্যৱহৃত মুঠ ব্লিচিং পাওদাৰৰ যোগান ধৰিছে বোকাখাতৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালাই।
বাকী ফেনাইল আৰু ডেটলৰ যোগান ধৰিছে প্ৰতিখন গাঁও, অঞ্চলৰ স্থানীয় লোকে। বোকাখাতৰ নগৰাঞ্চলৰ লগতে আমটেঙাৰ ১নং আৰু ২ নম্বৰ বালিজান আদৰ্শ মিচিং গাওঁ, কয়লাখাত, দক্ষিণ কয়লাখাত, ধনশিৰিমুখ, আহুগাওঁ, মিছামৰীয়া, জাপৰিপথাৰ, তামুলী পথাৰ, নিকৰি, দিফলু পথাৰ, মণ্ডল গাওঁ, বৰচাপৰি,কচুপথাৰ লাইন, কুৰুৱাবাহী তিনি আলি, মহমাইকী গাওঁ, হাজৰিকা চুক বগলিটিকা, বোকাখাত টাউন, আহোম গাওঁ, গড়মূৰ, নাহৰ জান বাগান, বোকাখাত ৪নং ৱাৰ্ড, মহুৰামুখ, ১ নং গৰৈমাৰী, সেউজী পাৰ, লখৌজান, ভূঞা চুক, গন্ধীয়া চুক,নিজৰা পাৰ, গোহাঁই গাওঁ, বামুণ চুক, ৰজাবাৰী, খতিয়াখলি আৰু মাধৱ পুৰত জিতু শৰ্মা ৰাজখোৱা, প্ৰদ্যুত মহন্ত, নৱজ্যোতি ৰাজখোৱা, জগত কলিতা, বুবুল দত্ত, সঞ্জীৱ হাজৰিকা, জয়ন্ত খাওণ্ড, সিদ্ধান্ত হাজৰিকা, সুশীল কালিন্দি, অভিজিত নাথ আদিৰ সহযোগত স্প্ৰেকৰণ কৰা হয়। সকলো ঠাইতে স্থানীয় ৰাইজে সহযোগিতা আগবঢ়োৱা দেখা গৈছে ।













