ASSAM TIMES POST
নিউজ ডেস্ক
গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ বাসিন্দা মনিষ তিবৰীৱাল দেহত ক’ৰণা ভাইৰাছ উপস্থিতি ধৰা পৰাৰ পিছতে বিলাসী অট্টালিকাতো আগন্তক ১৪দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে।১৫০টাকৈ পৰিয়াল থকা ফ্লেটতোট ১৪টা দিন কোনো ব্যক্তি যাব নোৱাৰিব আৰু তাত থকা ব্যক্তিসকল ওলাই আহিব নোৱাৰিব।এই সময়ছোৱাত তাত থকা ব্যক্তিসকলৰ খাদ্য পৰা আৰম্ভ কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী জিলা প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা হব।এই কথা ঘোষণা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
গুৱাহাটীত আজি এক সংবাদ মেল সম্বোধন কৰি শৰ্মাই সন্দেহ প্ৰকাশ কৰি কয় “আক্রান্ত ব্যক্তিগৰাকীৰ যদিও দিল্লী গৈছিল কিন্তু তেওঁ দিল্লীৰ পৰা আক্রান্ত হৈ হয়তো অহা নাই।কাৰণ একমাহৰ পিছত ব্যক্তি গৰাকী দেহত ধৰা পৰিছে ক’ভিড-১৯”।
ইফালে বিগত এটা মাহত ব্যক্তিগৰাকীৰ সান্নিধ্যত থকা ১১১ গৰাকীৰ ব্যক্তিক ইতিমধ্যে চিনাক্ত কৰি চেম্পুল সংগ্ৰহ কৰা হৈছে।ব্যক্তি সকলক কালাপাহাৰ আই বি এছ পি কোৱাৰাণ্টাইন কেন্দ্ৰত ৰখা হৈছে।ইয়াৰ উপৰিও ব্যক্তিগৰাকীৰ যিহেতু নগাঁৱত ঘৰ গতিকে তেওঁ এইসময়ত ঘৰলৈ যাওঁতে যিসকল ব্যক্তিক সাক্ষাৎ পাইছিল তেওঁলোকক নগাঁৱত কোৱাৰাণ্টাইন কৰা বুলি জানিব দিয়ে মন্ত্ৰী শৰ্মাই।
আনহাতে ১১১গৰাকী ব্যক্তি সমগ্ৰ কৰা চেম্পুল বা নমুনা দেওবাৰৰ ৰাতি ভিতৰত সকলো পৰীক্ষা কৰি লাভ কৰা হব ফলাফল”-মন্ত্ৰী শৰ্মাই কয়।। আনহাতে অট্টালিকাতো ব্যক্তিসকলক লিফ্ট সমূহ ব্যৱহাৰ নকৰিবলৈ চিকিৎসা বিভাগৰ পৰা আহ্বান জনোৱা বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।













