ASSAM TIMES POST
নিউজ ডেস্ক
গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতাল আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ক’ৰনা আক্রান্তক চিকিৎসা কৰা চিকিৎসক-নাৰ্ছ সকলে কোৱাৰাণ্টাইন থাকিব লাগিব ১৪দিন।এই গুৰুত্বপূৰ্ণ ঘোষণা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।সাতদিন চিকিৎসা সেৱাত জড়িত হৈ ১৪দিন থাকিব কোৱাৰান্টাইনত।তেওঁলোকৰ বাবে ব্যৱস্থা কৰা হৈছে তাজ ভিভান্তা।
সকলো খৰছ বহন কৰিব ৰাজ্য চৰকাৰে।মন্ত্ৰী শৰ্মাই কয়। একেদৰে ১০৪কল চেণ্টাৰ আৰু ১০৮ সেৱাত নিয়োজিত প্ৰতিজন কৰ্মচাৰীৰ ক’ভিড-১৯ সন্দৰ্ভত ৫০লাখ টকা স্বাস্থ্য বীমা ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে।ইয়াৰ উপৰিও ১০৮সেৱাত জড়িত কৰ্মচাৰী সকলক আগন্তক তিনিমাহৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিমাহত অতিৰিক্ত ভাৱে প্ৰদান কৰিব ১০০০টকা। ৰাজ্যকৰ্মচাৰী সকলক অহা ৯এপ্ৰিলত যোৱা মাহৰ সম্পূৰ্ন দৰমহা মুকলি কৰি দিব ৰাজ্য চৰকাৰে।
পূৰ্বতে যি ২০শতাংশ কৰ্তন কৰিব বুলি কৈছিল সেইয়া কৰ্তন নকৰে বুলি প্ৰকাশ কৰিছে মন্ত্ৰী শৰ্মাই। আনহাতে কৰ্মচাৰী পৰিষদে ক’ভিড-১৯ চিকিৎসালয় নিৰ্মাণৰ বাবে এদিনৰ দৰমহা দিয়া কথা ঘোষণা কৰিছে সেই টকা ৰাজ্য চৰকাৰে কাটি ৰাখিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।অৱশ্যে এই কৰ্তনতো যদি কোনো ব্যক্তি আপত্তি থকা তেওঁক এদিনৰ দৰমহা কৰ্তন কৰা নহয় বুলি তেওঁ জানিব দিয়ে।
উল্লেখ যে মন্ত্ৰী-বিধায়ক ৰ পৰা আৰম্ভ কৰি ৰাজ্যত চতুৰ্থবৰ্গ কৰ্মচাৰীলৈ প্ৰায় পাঁচ লাখ কৰ্মচাৰী আছে।সেই অনুসৰি এদিনৰ দৰমহা কৰ্তন কৰিলে প্ৰায় ৬০কোটি টকা চৰকাৰৰ হাতত জমা হব বুলি স্বাস্থ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।ৰাজ্যৰ অৰ্থনীতি এই সময়ত ভাল নহয় বুলি উল্লেখ কৰি ৰাজ্যিক কৰ্মচাৰী সকলক আহ্বান জনায় কয় “সম্পূৰ্ন দৰমহা আপোনালোক লাভ কৰাৰ পিছত এই সময়চোৱাত আপোনাৰ অঞ্চলত থকা পাঁচটা দৰিদ্ৰ পৰিয়ালক সহায় কৰক।সহায় কৰা প্ৰতিজন কৰ্মচাৰীয়ে ফটো উঠাই আমালৈ প্ৰেৰণ কৰক।তাৰ বাবে ৱেবচাইটৰ ব্যৱস্থা কৰা হব”।













