ASSAM TIMES POST
নগাঁও : ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰোনা ভাইৰাছ কবিড- ১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমৎ বৃদ্ধি পাই থকাৰ সময়তে এই পৰ্যন্ত নগাঁও জিলাৰ বিভিন্ন চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি হৈ থকা যিসকল লোকৰ নমুনা পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল সেই নমুনা সমূহৰ পৰীক্ষাৰ প্ৰতিবেদনত আটাইৰে ক’ভিড-১৯ নিগেটিভ অহাত জিলাখনৰ জনসাধাৰণে কিছু স্বস্তিৰ নিশ্বাস এৰিছে।
অৱশ্যে কৰোনা ভাইৰাছৰ সংক্ৰমণক লৈ জিলাখনৰ জনসাধাৰণৰ শংকা দূৰ হোৱা নাই । জিলাখনৰ বিভিন্ন অঞ্চলত নিতৌ ভালেকেইজন লোকক হোম কোৱাৰেন্টাইন অথবা চিকিৎসালয়ত আছুতীয়াকৈ ৰাখিব লগা পৰিস্থিতিৰ সৃষ্টি হৈ আছে ।যোৱা ২ এপ্ৰিলত লামডিঙৰ পৰা যি ১০জন লোকৰ নমূনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল আৰু তেওঁলোক আটাইৰে পৰীক্ষাৰ প্ৰতিবেদনত কবিড -১৯ নিগেটিভ অহা বুলি জানিব পৰা গৈছে ।
লোক কেইজনৰ দেহত কবিড -১৯ৰ ভাইৰাছ নথকাটো নিশ্চিত কৰা হৈছে বুলি নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰটোৱে আৰু জনোৱা মতে, এই পৰ্যন্ত জিলা খনৰ উজৰাগাঁও আদৰ্শ চিকিৎসালয়ত ১৪ জন, কন্দলি আদৰ্শ চিকিৎসালয়ত ১১জন, বেবেজীয়া সমূহীয়া চিকিৎসালয়ত ১১জন, ৰহা ৰণথলী আদৰ্শ চিকিৎসালয়ত ৬ জন আৰু মোৱামাৰী চিকিৎসালয়ত ৪ জন লোকক কোৱাৰেন্টাইন কৰা হৈছে। ইপিনে, আজি নগাঁও জিলাৰ ৩২ জন আৰু হোজাইৰ ৪ জন বহি:ৰাজ্য ফেৰৎ লোকৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁ লোকক ১৪ দিনৰ হোম কোৱাৰেন্টাইন কৰা হৈছে।













