ASSAM TIMES POST
জামুগুৰিহাটৰ : দেশত চলি থকা লক ডাউনৰ সময়চোৱাত যাতে ৰাইজে বিশেষকৈ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত শনিবাৰে সমষ্টিবাসীৰ মাজত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াকৈ চাউল বিতৰণ কাৰ্যসূচীৰ অংশ হিচাপে আজি সমষ্টিটোৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তত চাউল বিতৰণ কৰা হয় । মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, পশ্চিম মূঢ়াদল গাঁওপঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱী, গাঁওৰক্ষী বাহিনীৰ লগতে একাংশ সচেতন যুৱকে আজি পঞ্চায়তটোৰ অধীনস্থ প্ৰায় ১২শ টা পৰিয়ালৰ মাজত বিতৰণ কৰে চাউল ।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে, এই বিতৰণ ব্যৱস্থাৰ সময়ত যাতে সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চায়তটোৰ অধীনৰ প্ৰতিঘৰ মানুহৰ ঘৰলৈকে গৈ পদূলিয়ে পদূলিয়ে চাউল বিতৰণ কৰা দৃশ্য সচাঁই প্ৰশংসনীয় । কেইবাখনো গাড়ীৰে পদূলিয়ে পদূলিয়ে কৰা এই বিতৰণ ব্যৱস্থাত সাধাৰণ জনতাক কৰ’না ভাইৰাছৰ সজাগতামূলক বক্তব্যও আগবঢ়োৱা পৰিলক্ষিত হয় ।
জানিব পৰা মতে, অহা দুটা দিনৰ ভিতৰত সমষ্টিটোৰ প্ৰায় ৪০ হাজাৰটা পৰিয়ালক পদ্ম হাজৰিকাই প্ৰদান কৰিব এনে খাদ্য সম্ভাৰ । লক্ষণীয় বিষয় যে এই বিতৰণ ব্যৱস্থাত কোনো দল সংগঠন, ধনী দুখীয়া তথা জাত-পাতৰ বিচাৰ নকৰাকৈ বিনামূলীয়া খাদ্য সম্ভাৰসমূহ বিতৰণ কৰা দেখা গ’ল ।













