ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
কৰ’ণা ভাইৰাছৰ সংক্ৰমনত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক গোলাঘাট জিলাৰ ৯ জনকৈ লোক সংক্ৰমিত হোৱাৰ পাচত সমগ্ৰ জিলাখনতে আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ জিলাখনৰ বোকাখাত মহকুমাত এতিয়ালৈকে কোনো লোক কৰ’ণাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই যদিও লক ডাউনৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে মহকুমা প্ৰশাসনে ৷
শুক্ৰবাৰে গোলাঘাট অসামৰিক চিকিৎসালয়ৰ ঘটনা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাচত নিশা বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলত সন্দেহ জনক কৰোণা ভাইৰাছ আক্ৰান্ত মানুহ সোমোৱা এক উৰা বাতৰি বিয়পি পৰে ৷ যাৰ বাবে নিশাৰ ভাগতে হাতে হাতে জোঁৰ টৰ্চলাইট লৈ ওলায় আহে বহু সংখ্যক স্থানীয় মানুহ ৷ মহকুমা প্ৰশাসন , আৰক্ষী, গাওঁ ৰক্ষী বাহিনী আৰু সংবাদ মাধ্যমৰ প্ৰচেষ্টাত নিয়ন্ত্ৰিত হয় পৰিস্থিতি ৷
উল্লেখ্য যে কালি সন্ধিয়া পাছত বোকাখাতৰ কুৰুৱাবাহী, মধুপুৰ , কুৰুৱাবাহী সত্ৰ, পৰঙনীয়া লখৌজান ৰজাবাৰী অঞ্চলত কৰ’ণা ভাইৰাছ আক্ৰান্ত লোক সোমাই আহিল বুলি খবৰ বিয়পি পৰে আৰু বহু লোক লক ডাউন ভঙ্গ কৰি দলে দলে বাহিৰলৈ ওলাই আহে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বোকাখাত মহকুমা আৰু আৰক্ষী প্ৰশাসন ঠাই সমূহলৈ গৈ ৰাইজক এয়া ভুৱা উৰাবাতৰি বুলি পতিয়ন নিয়াব লগাত পৰে।
বোকাখাতত এনে উৰা বাতৰি প্ৰচাৰ কৰাৰ বাবে বোকাখাত আৰক্ষীয়ে ম’হমাইকী গাওঁৰ পৰা এজন যুৱকক আটক কৰে ৷ যুৱক জনে ফেচবুকৰ জড়িয়তে ম’হমাইকী গাওঁ অচিনাক্ত মানুহ সোমোৱা বুলি প্ৰচাৰ চলোৱাৰ লগতে সকলোকে ওলায় আহিবৰ বাবেও আহ্বান জনাইছিল ৷ সম্প্ৰতি বোকাখাত থানাত আৱদ্ধ হৈ থকা যুৱকজনৰ বিৰুদ্ধে এটা গোচৰ ৰজু কৰিছে বোকাখাত আৰক্ষীয়ে ৷
ইফালে লক ডাউনৰ সময়ত অযথা মটৰ চাইকেল লৈ লক ডাউন উলংঘা কৰা যুৱকৰ পৰা মুঠ ২০ খন মটৰ চাইকেল আৰু স্কুটিৰ লগতে ২ খন গাড়ীও জব্দ কৰিছে বোকাখাত আৰক্ষীৰ যান বাহন শাখাই ৷ ইফালে যোৱা নিশা ঘটনাৰ পাচত পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে মহকুমা প্ৰশাসনে সকলো ধৰ্মৰ মুখ্য ব্যক্তি সকলক উৰা বাতৰিক প্ৰশ্ৰয় নিদিবৰ বাবে আহ্বান জনায় ৷ বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে আজি সকলো ৰাইজক এনে উৰাবাতৰিত কাণ নিদিবলৈ গোহাৰি জনায়। লগতে মহকুমাধিপতি গৰাকীয়ে এনে কোনো অচিনাকি লোক দেখিলে ৰাইজে আইন হাতত তুলি নলৈ আৰক্ষী আৰু মহকুমা প্ৰশাসনক জনাবলৈ আহ্বান জনায় ।













