ASSAM TIMES POST
বঙাইগাঁওঃ বঙাইগাঁও চহৰৰ এজন যুৱক মাৰাত্মক কোভিড- ১৯ ৰোগত আক্ৰান্ত হোৱা বুলি ৱাটছাপৰ জৰিয়তে বিভিন্নজনলৈ উৰা বাতৰি প্ৰেৰণ কৰাৰ লগতে অপপ্ৰচাৰ চলোৱাৰ অভিযোগত আৰক্ষীয়ে আজি সুৰজিৎ ৰয় নামৰ এজন যুৱকক আটক কৰে ৷ জানিব পৰা মতে, মহামাৰী কোভিড- ১৯ ৰোগকলৈ চৌদিশে আতংকময় পৰিৱেশ চলি থকাৰ সময়তে বঙাইগাঁও চহৰৰ ভাকাৰিভিটাৰ সুৰজিৎ ৰয় নামৰ যুৱকজনে চহৰখনৰ মহাত্মা গান্ধী পথৰ যুৱক এজন কোভিড- ১৯ ত আক্ৰান্ত হোৱা বুলি নিজৰ ৱাটছাপ নম্বৰৰ জৰিয়তে বিভিন্নজনলৈ উৰা বাতৰি প্ৰেৰণ কৰি অপপ্ৰচাৰ চলায় ৷
পিছত শুকুৰবাৰে পুৱাৰ ভাগত যুৱকজনক তেওঁৰ বন্ধুসকলে বিষয়টো সোধাতহে জানিব পাৰে ৷ সুৰজিৎ ৰয় নামৰ যুৱকজনে চলোৱা এনে অপপ্ৰচাৰত যুৱকজনৰ লগতে পৰিয়ালটোৰ সদস্যসকল মানসিকভাৱে হাৰাশাস্তিত ভুগিবলগীয়া হয় ৷ পিছত ভুক্তভোগী যুৱকজনে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা সুৰজিৎ ৰয় নামৰ যুৱকজনৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে যুৱকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত ২৯৬/ ২০২০ (ভাৰতীয় দণ্ড বিধি আইনৰ ১৮৮/৫০৪ ধাৰাৰ লগতে আইটি এক্ট আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত) এক গোচৰ ৰুজু কৰে আৰু আজি সুৰজিৎ ৰয়ক আটক কৰে ৷
উল্লেখ্য যে, চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে বাৰম্বাৰ ৰাইজক কোভিড-১৯ ৰোগৰ বিৰুদ্ধে সকলোকে উপা বাতৰি তথা অপপ্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই অহাৰ পিচতো এইদৰে ৰোগত আক্ৰান্ত নোহোৱাৰ পিছতো যুৱকজনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্যই অপপ্ৰচাৰ চলোৱা যুৱকজনৰ মানসিকতা কিমান নীচ হ’ব পাৰে তাকে প্ৰতিফলিত কৰিছে বুলি সচেতন মহলে মন্তব্য কৰিছে ৷ লগতে অপপ্ৰচাৰ চলোৱা সুৰজিৎ ৰয়ক শাস্তি প্ৰদানৰো পোষকতা কৰিছে ৷ অন্যথা আনকো এইসময়ত উৰা বাতৰি তথা অপপ্ৰচাৰ চলোৱাৰ বাবে উৎসাহ যোগাব পাৰে বুলিও মতপোষণ কৰিছে ৷













