ASSAM TIMES POST
নলবাৰী : সমগ্ৰ ভাৰতবৰ্ষতে মাৰাত্মক মহামাৰী ৰূপী ভাইৰাছ কৰ’নাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে লকডাউন চলি থকাৰ মাজতে নলবাৰী জিলাৰ সৰিয়হতলীস্থিত 136 নং চি আৰ পি এফৰ কমাণ্ডেণ্ট পি চি চোহানৰ নেতৃত্বত কেইবাটাও দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । খাদ্য সামগ্ৰীসমূহৰ ভিতৰত আছে চাউল,দাইল,আটা,আলু, গাজৰ আদি ।
অৱশ্যে অঞ্চলটোৰ একাংশ দুখীয়া পৰিয়ালৰ মাজত খাদ্য সংকতে দেখা দিয়া পৰিলক্ষিত হৈছে । তেনে সময়তে চি আৰ পি এফে এনে ধৰণৰ পদক্ষেপ লোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।













