ASSAM TIMES POST
বঙাইগাঁও : বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণে ভাৰতবৰ্ষতো গুৰুতৰ ৰূপ ধাৰণ কৰিছে।দিনে দিনে বৃদ্ধি পাই আহিছে “ক’ভিড-১৯” আক্ৰান্ত ৰোগী আৰু মৃতকৰ সংখ্যা । অসমতো শেহতীয়াকৈ এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে । মহামাৰীৰ সমান্তৰালকৈ অৰ্থনৈতিক মণ্ডাৱস্থাই আন এটা সংকটৰ সৃষ্টি কৰিছে ।
এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে অসমৰ ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠান তথা সুহৃদয় ব্যক্তিয়ে চৰকাৰলৈ আৰ্থিক অনুদানৰ লগতে নানা সহায়-সহযোগিতা আগবঢ়াই আহিছে। নামনি অসমৰ বৃহৎ তৈল উদ্যোগ বঙাইগাঁও শোধনাগাৰে ইয়াৰ সংলগ্ন অঞ্চলসমূহত কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ইতিমধ্যে চৰকাৰী নীতি-নিয়ম অনুসৰণ কৰি ৰাজহুৱা স্থান ছেনিটাইজ কৰাকে ধৰি ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। শোধনাগাৰ কৰ্তৃপক্ষই শুকুৰবাৰে বঙাইগাঁও জিলাত স্থাপন কৰা কোৱাৰেণ্টাইন শিবিৰত ব্যৱহাৰ কৰিব পৰাকৈ মেটৰেজসহ ৫৫ খন বিচনা জিলা প্ৰশাসনক অৰ্পণ কৰে।
বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃএম এছ লক্ষ্মীপ্ৰিয়াই বিচনাসমূহ গ্ৰহণ কৰি ৰাজ্যৰ এনে দুৰ্যোগৰ সময়ত বঙাইগাঁও শোধনাগাৰৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।খা দিয়া পৰিলক্ষিত হৈছে । তেনে সময়তে চি আৰ পি এফে এনে ধৰণৰ পদক্ষেপ লোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।













