ASSAM TIMES POST
গোলাঘাট : সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বোচ্চ কৰ’না পজিটিভ ৰোগী থকাক কেন্দ্ৰ কৰি গোলাঘাট জিলাত চৰম আতংক বিৰাজমান হৈ থকাৰ বাবেই আন সমস্যাৰ লগতে ৰন্ধন গেছৰ নাটনিয়ে দেখা দিছে জনসাধাৰণৰ মাজত। বুক কৰা চিলিণ্ডাৰ দিবলৈ কৰ্মচাৰী নাই বিতৰণ কেন্দ্ৰত। মালিকে মাতি মাতি আনিব পৰা নাই বিতৰকক। মৃত্যু আতংক ই চাৰিওফালে ছানি ধৰাত গাওঁসমূহৰ মূল প্ৰৱেশদ্বাৰো বন্ধ কৰি দিয়াত ওলোৱা-সোমাই কৰিবলৈ মানুহৰ উপায় নোহোৱা হ’ল ।
মুঠ ১৩টাকৈ বিতৰণ কেন্দ্ৰত মজুত থকা চিলিণ্ডাৰ একমাত্ৰ কৰ্মচাৰীৰ অভাৱতে পৰি ৰৈছে গুদামত। যদিও এল পি জি কোম্পানীয়ে কোম্পানীৰ অন্তৰ্গত যিকোনো কৰ্মচাৰীৰ কৰ’না পজিটিভ পালে ৫ লাখ টকাকৈ সাহাৰ্য্য ঘোষণা কৰিছে । তথাপি মৃত্যুৰ ভয়ে খেদি ফুৰা কৰ্মচাৰীৰ বাবে যেন সেই ঘোষণা কেৱল ঘোষণা হৈয়ে ৰ’ল। তেনেক্ষেত্ৰত বিতৰণকেন্দ্ৰৰ মালিক সকলৰ আহ্বান যে, চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি সামাজিক দূৰত্ব বজাই ৰাখি সকলোৱে নিজৰ নিজৰ বিতৰণ কেন্দ্ৰৰ পৰা চিলিণ্ডাৰসমূহ নিব পাৰিব।













