ASSAM TIMES POST
ডিফু : কা বিৰোধী প্ৰৱল আন্দোলনে বিগত বৰ্ষৰ শেহৰ ফালে ৰাজ্যজুৰি বতাহ গৰম হৈ থকাৰ সময়ত একাংশ উদীয়মান যুৱকে চৰকাৰৰ সিদ্ধান্তৰ বিৰুধিতাৰে সংযুক্ত মুক্তি বাহিনীত যোগদান কৰাৰ সময়তে পাহাৰীয়া জিলা কাৰবি আংলঙৰ এজন ছাত্ৰ নেতাই আলফাত যোগদান কৰা ঘটনাত সমগ্ৰ পাৰখোৱা অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷


উল্লেখযোগ্যযে, অসম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীয়ে যুটীয়া অভিযান চলাই ম্যানমাৰ সীমান্তত দুজন আলফা (স্বাধীন) ৰ সদস্য আটক কৰে ৷ আটকাধীন সদস্যৰ এজন পাৰখোৱাৰ চন্দ্ৰকান্ত লেখাৰু বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্যযে, পাৰখোৱাৰ বজাৰৰ সমীপৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী পদ্মকান্ত লেখাৰুৰ পুত্ৰ চন্দ্ৰকান্ত লেখাৰু বিগত প্ৰয় তিনিমাহ ধৰি ঘৰৰ পৰা সন্ধীানহৈ আছিল ৷
আছুৰ কাৰবি আংলং জিলাৰ পাৰখোৱা আঞ্চলিকৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা চন্দ্ৰকান্ত লেখাৰু অঞ্চলটোৰ সামাজিক কাম- কাজত আগবঢ়া হোৱাৰ লগতে ৰাজ্যজুৰি চলা ‘কা’ বিৰোধী আন্দোলনত অঞ্চলটোত আছুৰ নেতৃত্ব প্ৰদান কৰিছিল ৷ ইয়াৰ মাজতে যুৱকজন যোৱা ভোগালী বিহুৰ কেইদিন পিছতে সকলোৰে অজ্ঞাতে সন্ধানহীন হৈ পৰে ৷ চন্দ্ৰকান্ত লেখাৰু গুৱাহাটীৰ আইআইটিত অধ্যয়ণৰত আছিল ৷
যুৱকজন যোৱা তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ পিছত এনেদৰে সেনা- আৰক্ষীৰ হাতত বন্দী হোৱাৰ পিছত পৰিয়ালৰ লোকৰ লগতে পাৰখোৱাবাসী যুৱকজন নিষিদ্ধ ঘোষিত সংগঠনটোত থকা বুলি গম পায় ৷ হঠাত চন্দ্ৰকান্ত লেখাৰ আলফা স্বাধীনত যোগদান কৰা ঘটনাত পাৰখোৱা এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷













