ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোনাক লৈ আতংকিত জনতা৷ চৰকাৰে ঘোষণা কৰিছে দেশজুৰি লকডাউন৷ প্ৰচাৰ মাধ্যমত প্ৰতিদিনে ৰোগীৰ বৃদ্ধি পোৱা খবৰ৷ ভয়ত ত্ৰস্তমান হৈ ঘৰে ঘৰে সোমাই আছে সকলো জনতা৷ তাৰ মাজতে কিন্তু চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মীৰ, প্ৰশাসনৰ লোকসকল আৰু আৰক্ষীয়ে নিজৰ জীৱনকো তুচ্চজ্ঞান কৰি সমুখ সমৰত প্ৰবৃত্ত হ’ব লগা হৈছে সংক্ৰামক কৰ’ণা প্ৰতিৰোধৰ বাবে৷ সংবাদকমীৰ্সকলে নিৰন্তৰ সমাজৰ প্ৰতিটো খবৰ ৰাইজলৈ আগবঢ়াই আহিছে ৷
লকডাউনৰ সময়ছোৱাত একাংশই আৰক্ষী প্ৰশাসনক লকডাউন অমান্য কৰি ব্যতিব্যস্ত কৰি তোলাৰ বিপৰীতে একাংশ লোকে যৎপৰোনাস্তি চেষ্টা কৰিছে আৰক্ষী প্ৰসাশনক সহযোগিতা কৰিবলৈ৷ তাৰ মাজতে বোকাখাত লখৌজান নিবাসী মীনাক্ষী ভূঞা নামৰ এগৰাকী গৃহিনীয়ে কৰ্তব্যৰত আৰক্ষীলৈ আগবঢ়াইছে অদ্ধৰ্শতাধিক মাস্ক৷ আজি বোকাখাত আৰক্ষী থানাৰ যানবাহন শাখাৰ আৰক্ষী নিতুল ফুকনৰ নেতৃত্বত যোৱা আৰক্ষীৰ হাতত নিজহাতে চিলাই দিয়া মাস্কসমূহ প্ৰদান কৰে মহিলাগৰাকীয়ে ৷
তেওঁ কয় যে, আৰক্ষীয়ে নিৰন্তৰ কাম কৰি থকা আমি টিভিত দেখি আছোঁ৷ আমাৰ ফালৰ পৰা তেওঁলোকক একো সহায় কৰিব পৰা নাই৷ পৰিয়াল পৰিজনকো তুচ্চজ্ঞান কৰি অতি নিষ্ঠাসহকাৰে কাম কৰি থকা আৰক্ষীলৈ আমাৰ পৰিয়ালৰ এয়া ক্ষুদ্ৰ উপহাৰ৷ শিক্ষক আদিত্য দত্ত বৰুৱাৰ পত্নী মীনাক্ষী ভূঞ়াই লগতে কয় যে, স্বাস্থ্যকমীৰ্সকলে মাস্ক পাইছে বুলি জানিব পাৰিছোঁ৷ সেয়ে আৰক্ষীৰ লোকসকলকে সাধ্যানুসৰি মাস্ককেইখনমান প্ৰস্তুত কৰি দিছোঁ৷ কাপোৰৰ দোকান খোলা থকা হ’লে আৰু কিছু প্ৰস্তুত কৰি দিব পৰা গ’লহেঁতেন বুলিও তেওঁ মন্তব্য কৰে৷ মহিলাগৰাকীৰ এই প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে৷













