ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : সাম্প্ৰতিক সময়ত কৰ’না কাণ্ডই শিশুৰ মনতো সৃষ্টি কৰিছে কৰুণাৰভাৱ। বিহুলৈ বুলি, ফুৰিবলৈ বুলি বিভিন্ন ধৰণে সাঁচি থোৱা ধন এতিয়া দিবলৈ বিচাৰিছে আৰোগ্য নিধিলৈ। আজি বোকাখাতৰ কমাৰগাঁও থানাৰ অন্তৰ্গত এগৰাকী ছাত্ৰীয়ে দেখুৱালে এক ব্যতিক্ৰমী প্ৰয়াস। ছাত্ৰীগৰাকীৰ নাম অন্বেষা কাশ্যপ । বৰুৱা গাঁৱৰ অন্বেষাই আজি বিহুৰ বাবে আৰু ফুৰিবলৈ যাবৰ বাবে সাঁচি থোৱা ৫,৫৫৫ টকা অসম আৰোগ্য নিধিলৈ দান কৰিছে। কমাৰগাঁও আৰক্ষী থানাৰ সহকাৰী পৰিদৰ্শক আজিজুল ইছলামে ছাত্ৰীগৰাকীৰ ঘৰলৈ গৈ উক্ত মূল্যৰ চেক এখন অসম চৰকাৰৰ হৈ গ্ৰহণ কৰিছে। বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ ছাত্ৰী বৰুৱা গাঁৱৰ ৰঞ্জিত শৰ্মা আৰু ঊমা আচাৰ্যৰ একমাত্ৰ কন্যা। এনে এক সময়ত এয়া নিশ্চিতভাৱে আশাপ্ৰদ খবৰ।













