ASSAM TIMES POST
নগাঁও : মাৰাত্মক কৰ’না ভাইৰাছে শেহতীয়াভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যখনৰ লগতে নগাঁও জিলাতো জনসাধাৰণ উদ্বিগ্ন হৈ পৰিছে। বিশেষকৈ দিল্লীৰ নিজামুদ্দিনৰ জামাতৰ পৰা নগাঁও জিলালৈ উভতি অহা লোকৰ লগতে বহি:ৰাজ্যৰ পৰা অহা লোকৰ বাবেই জিলাখনৰ ৰাইজ চিন্তিত হৈ পৰিছে। জামাতৰ পৰা অসমলৈ ঘূৰি অহা লোকসকলৰ ভিতৰত বহু কেইজন কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰে নগাঁওবাসীক অধিক উদ্বিগ্ন কৰি ৰাখিছে। এনে পৰিস্থিতিৰ মাজতে জামাতৰ পৰা অহা আৰু জামাতীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ লগতে বহি:ৰাজ্যৰ পৰা অহা কিছু সংখ্যক লোকক আৰক্ষী আৰু স্বাস্থ্য বিভাগে কোৱাৰেন্টাইন কৰিছে।
এইসকল লোকক চিনাক্ত কৰি তেওঁলোকৰ লগতে তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক জিলাখনৰ বিভিন্ন চিকিৎসালয়ত কোৱাৰেন্টাইন কৰা হয়। কালি সন্ধিয়া পৰ্যন্ত জিলাখনত এনে ৬৮ জন লোকক চিকিৎসালয়ত কোৱাৰেন্টাইন কৰা হয় । এই ৬৮ জনৰ ভিতৰত কালিলৈকে ৪৫ জনৰ লেলাৱতিৰ নমুনা সংগ্ৰহ কৰা হৈছিল। ইয়াৰ ভিতৰত ২৯ জনৰ নমুনাৰ প্ৰতিবেদন লাভ কৰিছে। এই ২৯ জনৰ আটাইকেইজনৰে নমুনাৰ ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে । কালি নিশা পঠোৱা আন ১৬ জনৰ নমুনাৰ প্ৰতিবেদন কাইলৈ পুৱাৰ ভাগত অহাৰ সম্ভাৱনা আছে। জিলাখনৰ বিভিন্ন চিকিৎসালয়ত কোৱাৰেন্টাইন কৰা ৬৮ জনৰ ভিতৰত ৩০ জনৰ ১৪ দিন কুৱাৰেন্টাইন সম্পূৰ্ণ হোৱাত তেওঁলোকক পুণৰ ১৪ দিনৰ বাবে গৃহ পৰ্যবেক্ষণৰ নিৰ্দেশনা দি ঘৰলৈ যাবলৈ দিয়া হয়। নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰে জনোৱা মতে ঘৰলৈ যাবলৈ দিয়া এই ৩০ জন লোকক নিজ নিজ গৃহতে পৰ্যবেক্ষণত ৰখা হ’ব।
বৰ্তমান জিলাখনৰ চাৰিখন চিকিৎসালয়ত ৩৮ জন লোক কোৱাৰেন্টাইনত ৰখা হৈছে। ইয়াৰে ১৫ জন কন্দলি আদৰ্শ চিকিৎসালয়ত, ১৬ জন উজৰাগাঁও আদৰ্শ চিকিৎসালয়ত আৰু এজন বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আছে। জিলা স্বাস্থ্য বিভাগৰ সুত্ৰই জনোৱা মতে, আজি নগাঁও জিলাৰ ৪১ জন লোকক বিভিন্ন চিকিৎসালয়ত স্কেনিং কৰি গৃহ পৰ্যবেক্ষণৰ বাবে প্ৰেৰণ কৰা হয়। নগাঁও জিলা প্ৰসাশন, জিলা আৰক্ষী প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে অহৰহ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । জিলাখনত যাতে কৰ’না ভাইৰাছ সংক্ৰমিত হ’ব নোৱাৰে, তাৰ বাবে যুদ্ধকালীন প্ৰচেষ্টা অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগে।













