ASSAM TIMES POST
নগাঁও : সমগ্র দেশ জুৰি চলি থকা লকডাউনে আজি ১৩ দিনত ভৰি দিলে । লকডাউনৰ ফলত কৰ্ম বিমুখ হৈ পৰা দিন হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা লোকৰ দৈনন্দিন জীৱন যাপন যথেষ্ট কষ্টসাধ্য হৈ পৰিছে। খাদ্য সংকটত পৰা এই সকল লোকৰ সংকট মোচনৰ বাবে চৰকাৰৰ লগতে কেতবোৰ স্বেচ্ছাসেৱী সংগঠন আৰু কিছু সমাজহিতৈষী ব্যক্তিয়ে প্ৰচেষ্টা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
নগাঁও জিলাৰ আন আন ব্যক্তি অনুষ্ঠানৰ লগতে নগাঁও চহৰৰ সমীপৰ মধুপুৰ কদমতল প্ৰগতিশীল সমিতিয়ে আজি স্থানীয় এলেকাটোৰ প্ৰায় শতাধিক দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকক বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে । সমিতিৰ সভাপতি নুৰুল আমিন আৰু সম্পাদক ইমামুল হকৰ নেতৃত্বত এটা স্বেচ্ছাসেৱকৰ দলে আজি ১০ বিধ খাদ্য সামগ্ৰী থকা প্ৰায় ১০ কেজি ওজনৰ একোটিকৈ খাদ্যৰ টোপোলা সামাজিক দূৰত্ব বজাই ৰাখি বিতৰণ কৰে।
দিন হাজিৰা কৰা আৰু ভাৰাতীয়া হিচাপে থকা আৰ্থিক ভাবে দুৰ্বল লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিবৰ বাবে সংগঠনটোৱে চৰকাৰৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনক আহ্বান জনায়।













