ASSAM TIMES POST
মহকুমাধিপতি বিবেক শ্যাম, কমাৰগাঁও আৰক্ষীৰ প্ৰচেষ্টাৰ শলাগ স্থানীয় ৰাইজৰঃ
বোকাখাত :বৰ্তমান বিশ্বৰ লগতে অসমতো ত্ৰাস অব্যাহত ৰাখিছে কৰ’ণা ভাইৰাচে। কৰ’ণা প্ৰতিহত কৰাৰ বাবে দেশ ব্যাপি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক-ডাউনৰ সময়ছোৱাতে একাংশ দুষ্টচক্ৰই বিয়পাইছে অপপ্ৰচাৰ। এই দুষ্টচক্ৰৰ অপপ্ৰচাৰৰ বলি হৈছে বোকাখাত মহকুমাৰ আন বহু অঞ্চলৰ লগতে বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজ। উল্লেখ্য যে যোৱা ৩ এপ্ৰিলৰ নিশা প্ৰায় ৯ মান বজাত হঠাতে কমাৰগাঁৱৰ এখন গাঁৱত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়।
যোৱা ২৫ মাৰ্চৰ পৰা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক-ডাউন মানি অহা সহজ সৰল গ্ৰাম্য সমাজৰ মাজত অজ্ঞাত দুষ্টচক্ৰৰ অপপ্ৰচাৰে ঘৰৰ ভিতৰৰ পৰা ৰাষ্টালৈ ওলাই আহিবলৈ বাধ্য কৰালে একাংশ লোকক। কিয়নো অজ্ঞাত দুষ্টচক্ৰই গাঁওখনত বিয়পাই দিলে যে সন্ধিয়াতে বহিৰাগত তথা এটি সম্প্ৰদায়ৰ অচিনাকী লোকে মৃত্যু উপত্যকাত পৰিণত কৰা কৰ’ণা ভাইৰাচ বিয়পাবলৈ গ্ৰামাঞ্চলত সোমাইছে। যাৰ বাবে অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে আতংকময় হুলস্থূলীয়া পৰিবেশ।
চৰাই চিৰিকতিৰ মাতৰ বাহিৰে লক-ডাউনৰ দিনকেইটাত নিমাত নিস্তব্ধ হৈ থকা সমগ্ৰ অঞ্চল মানুহৰ কোলাহলে ভৰি পৰিল। এখন গাঁৱত বিষয়টো কেনেবাকৈ শাম কটাৰ লগে লগে আন এখন গাঁৱত আৰম্ভ হয় এই পৰ্ব। সেই উৎস আশ্চৰ্যজনকভাৱে ৰহস্যৰ আৱৰ্ত্ততেই থাকি গ’ল ধৰা নপৰাকৈ। মুঠৰ ওপৰত এখনৰ পৰা আনখন গাঁৱৰ বাসিন্দা সকল কেৱল ভীতিগ্ৰস্ত হৈ ৰৈ গ’ল। এই খবৰ পাই কমাৰগাঁৱৰ একাংশ সাংবাদিকে বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম আৰু কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈক জনায়। খবৰ পোৱা মাত্ৰকে বোকাখাত মহকুমাৰ মহকুমাধিপতি গৰাকীয়ে সমগ্ৰ ঘটনা সম্পূৰ্ণ ভুৱা আৰু মনে সজা বুলি ৱাটচ্ এপযোগে ৰাইজক জ্ঞাত কৰি সজাগ কৰাৰ চেষ্টা কৰে।
লগতে ভুৱা প্ৰচাৰত বাহিৰলৈ ওলাই অহা ৰাইজক লক-ডাউন ভংগ নকৰি ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহ্বান জনায়। কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈয়েও তৎকালে সমগ্ৰ অঞ্চল জুৰি চাইৰেণ বজাই সকলো ৰাইজকে অপপ্ৰচাৰত ভীতিগ্ৰস্ত নহ’বলৈ সতৰ্ক কৰি দিয়াৰ লগতে এনে অপপ্ৰচাৰত বিশ্বাস কৰি ৰাইজক লক-ডাউন ভংগ নকৰিবলৈ আহ্বান জনায়। সমান্তৰালকৈ স্থানীয় সচেতন নাগৰিক গোলাপ বৰা, প্ৰদীপ দাস, কৃষ্ণকমল বৰুৱা, ৰতন হাজৰিকা, কমাৰগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা, বে-চৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘প্ৰজন্ম’, কমাৰগাঁও আঞ্চলিক প্ৰেছ ক্লাৱৰ বিষয়ববীয়াই দুষ্টচক্ৰৰ এই অপপ্ৰচাৰৰ বিষয়ে বুজাই ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰে।
ফলত কিছু সময়ৰ পাছতেই বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম আৰু কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈ আৰু স্থানীয় সচেতন ৰাইজে তৎকালে লোৱা পদক্ষেপত এই অপপ্ৰচাৰৰ বাবে হোৱা অস্বস্তিকৰ পৰিস্থিতিৰ অন্ত পৰে। ইফালে প্ৰশাসনে মাইকযোগে সমগ্ৰ কমাৰগাঁও অঞ্চলত এই অপপ্ৰচাৰৰ পৰা ৰাইজক সতৰ্ক হৈ থাকিবলৈ আৰু এনে উৰাবাতৰি যদিহে স্থানীয় ৰাইজে শুনে আৰু কোনো অচিনাকী লোকক দেখা পায় তেন্তে আৰক্ষী থানাত জ্ঞাত কৰিবলৈ আহ্বান জনায়। আকৌ, এনে অপপ্ৰচাৰ চলোৱা দুষ্টচক্ৰক এনে গঢ়িত কৰ্মৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে এনে পৰিবেশৰ সূচনা কৰিলে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে। কমাৰগাঁও অঞ্চলৰ স্থানীয় ৰাইজে নিশাটোৰ ভিতৰতে অঞ্চলটোত শান্তি বৰ্তাই ৰাখিবলৈ লোৱা শক্তিশালী পদক্ষেপৰ বাবে বোকাখাত মহকুমাৰ মহকুমাধিপতি আৰু কমাৰগাঁৱৰ আৰক্ষী থানাৰভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ শলাগ লৈছে।













