ASSAM TIMES POST
ডিফু : বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড19 ৰ বাবে ৰাইজৰ সাহায্যাৰ্থে কাৰবি আংলং জিলা আৰক্ষীয়ে হেল্পলাইন মুকলি কৰিছে ৷ এই ক্ষেত্ৰত জিলা আৰক্ষীয়ে নিয়ন্ত্ৰণ কক্ষৰ পৰা বিশেষ নিৰিক্ষণ কৰিব ৷ ক’ভিড 19 সন্দৰ্ভত জনসাধাৰণে 7099346091 বা 9864649807 গৱাটছএপ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷
উক্ত হেল্পলাইন মুকলি হোৱাৰ পিছতে স্থানীয় বিধায়ক ডাঃ নোমল ম’মিন, আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী আৰু বোকাজানৰ মহকুমা আৰক্ষী বিষয়াৰ মাজত লগতে কেইবাগৰাকী প্ৰশাসনিক বিষয়াৰ মাজত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈ যায় ৷













