ASSAM TIMES POST
নিউজ ডেস্ক
মাৰাত্মক ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যত গ্ৰহণ কৰা হৈছে ব্যাপক তৎপৰতা।যোৱা ৪৮ ঘন্টাত ৰাজ্যত নতুনকৈ কোন ব্যক্তি আক্রান্ত হোৱা নাই ক’ৰ’ণা ভাইৰাছত।এই কথা প্ৰকাশ কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয় বৰ্তমান সময়লৈকে ৰাজ্য পাঁচটা পৰীক্ষাৰ কেন্দ্ৰত সম্পুন্ন হৈছে দুই হাজাৰটা নমুনা টেষ্ট।তাৰে ১৬৫টা ৰিজাল্ট আহিব বাকী আছে।
২৬টা পজিটিভ আৰ ১৮০৯টা নেগিটিভ।উল্লেখ যে ৰাজ্য পাঁচটা কেন্দ্ৰত টেষ্ট সমূহৰ ফলাফল প্ৰকাশ পাই তিনিটা পয্যায়ত।সেই অনুসৰি দিনৰ প্ৰথমটো দিনৰ ১১বজাত দ্বিতীয় আবেলি ৪বজাত আৰু এটা ৰাতি ২বজাত প্ৰকাশ পাই বুলি জানিব দিয়ে স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মাই।আনহাতে গুৱাহাটী স্পেনিচ গাৰ্ডেনত ক’ভিড-১৯ আক্রান্ত মনিষ তিৱৰীৱালৰ সান্নিধ্যত থকা ১১২জন ব্যক্তিক চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে।তাৰে ৯৮ গৰাকীৰ দেহৰ নমুনা সংগ্ৰহ কৰা হৈছে।সংগ্ৰহ কৰা নুমনা ৮৫টা ৰিজাল্ট আহিছে ফলাফল নেগেটিভ ওলাইছে।
১৩টা ফলাফল আহিবলৈ বাকী আছে আৰু ১৪টা নমুনা সংগ্ৰহ কৰিবলৈ বাকী আছে।মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।উল্লেখ যে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্য স্বাস্থ্য বিভাগৰ হাতত পাৰ্চনেল প্ৰটেক্ট কিৎ বৰ্তমান সময়ত জমা আছে ৩৯৪১টা, এন-৯৭মাক্স ৩৬৪৮৭ আৰু ত্ৰিপুল লেয়াৰ মাক্স জমা আছে ৭লাখ ২৮হাজাৰ ২২খন।













