ASSAM TIMES POST
নিউজ ডেস্ক
নিজামুদ্দিনৰ তবলীগ জামাতত উপস্থিত থকা ৰাজ্য ৪৯১গৰাকী ব্যক্তি নমুনা সংগ্ৰহ কৰা হৈছে ১২৮গৰাকীৰ এতিয়াও বাকী আছে।বাকী থকা ব্যক্তিসকলক আজি সন্ধিয়া ভিতৰত যদি স্বাস্থ্য বিভাগৰ ওচৰলৈ ওলাই নাহে তেন্তে ডিজেষ্টাৰ মেনেজমেণ্ট আইনৰ অধীনত প্ৰদান কৰা হব শাস্তি।
এই গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে ৰাজ্য স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।মন্ত্ৰী গৰাকীয়ে কয় “আমি বহুত আহ্বান জনাইছোঁ।আমাৰ আহ্বানৰ পিছত মংগলবাৰ পৰা যি সকল ব্যক্তিক আমি পাম তেওঁলোকক আইনৰ জৰিয়তে প্ৰদান কৰা হব শাস্তি”।
গুৰুত্বপূৰ্ণ কথা এই যে ভাৰত চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত উপস্থিত থকা ব্যক্তি তালিকা লাভ কৰিছিল মুঠ চাৰিখন।ৰাজ্য চৰকাৰে নিজাকৈ অনুসন্ধান কৰি ২৭৫ গৰাকীৰ ব্যক্তি উপস্থিত থকা তালিকা লাভ কৰিছিল।সেই সমূহৰ ওপৰত ভিত্তি কৰিয়েই মুঠ ৮৩১গৰাকী ব্যক্তিৰ তথ্য লাভ কৰিছিল চৰকাৰে।













