ASSAM TIMES POST
হাজো : হাজোৰ সানপাৰা গ্ৰাণ্ট গাঁৱত কালি বিয়লি উত্তৰ গুৱাহাটী চক্ৰ বিষয়া কাৰ্যালয়ৰ অনুমতি পত্ৰ থকা AS 01 BB 5354 নম্বৰৰ হোণ্ডাই- ইয়ন গাড়ীখনেৰে চুলাই মদ সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে গাড়ীখন জব্দ কৰে। গাড়ীখনৰ চালক উজান টোক্ৰাদিয়াৰ নয়ন কলিতাকো আটক কৰা হৈছে ।
গাড়ীখন নৰোত্তম দাস নামৰ এগৰাকী ব্যক্তিৰ যদিও কেনেকৈ সতীশ দাস নামৰ আমিনগাওস্থিত উত্তৰ গুৱাহাটী চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীজনৰ নামত ‘কাৰপাছ’ উলিয়াইছে সেইটো হে এক ৰহস্যজনক বিষয় হৈ পৰিছে।
জিলা প্ৰশাসনে কোনো বাচ বিচাৰ নকৰাকৈ যধে মধে ‘কাৰপাছ’ প্ৰদান কৰি আছে নেকি – এনে প্ৰশ্ন উদয় হোৱাত হাজোৰ বৃহত্তৰ অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সচেতন মহলে ইয়াৰ এক উচিত তদন্ত দাবী কৰিছে।













