ASSAM TIMES POST
বিভাস দুৱৰা
ডিব্ৰুগড় : সমগ্ৰ বিশ্বতে ক’ৰোনাক লৈ আতংকিত হৈ থকাৰ সময়তে একাংশ লোকৰ অন্ধবিশ্বাসে এইবাৰ সকলোৰে চকু কঁপালত তুলিছে । বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰই এই ভাইৰাছক লৈ গৱেষণা কৰি থকাৰ সময়তে, একাংশ অন্ধবিশ্বাসী লোকে বিভিন্ন সামাজিক প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছে ক’ৰোনা ভাইৰাছৰ পৰা মুক্তি বা পৰিত্ৰান পোৱাৰ কৌশল । হয়! এইবাৰ পাকঘৰৰ পতা গুটিত যেন হাইলাখ ভগৱানে আহি দেখা দিছে ! ভগৱান, মানে শংকৰ ভগৱান। হয়, মহাদেৱ শিৱ ! মহাদেৱ শিৱৰ আৰ্শীবাদত এতিয়া আপুনি আদা,নহৰু পিহা পটাখনৰ ওপৰতে ক্ৰমাৎ ঠিয় হৈ উঠিছে পটাৰ গুটিটো । দুই-এদিনৰ পৰা এইদৰে বিভিন্ন ঠাইত ঠিয় হৈ উঠিছে পটাৰ ওপৰত পটা গুটি । গৃহস্থৰ মতে কিবা হেনো বিধান এইয়া তেৰাৰে । সেয়েহে পুৱাই গা-পা ধুই পতাখন আৰু পতাৰ গুটিটো ধুৱাই চাকি ধুপৰে আৰম্ভ হয় প্ৰাৰ্থনা । শ্ৰদ্ধাৰে সেৱালৈ পতা গুটিক নিজৰ জীৱন ভিক্ষা কৰি খাটনি- “অপৰাধ বিনাশ”।
অৱশ্যে, এই কথাষাৰ কৰপৰা কেনেকৈ ভাইৰেল হল জনা নাযায়; যদিও বনজুইৰ দৰে বিয়পি এতিয়া একাংশৰ ঘৰে ঘৰে এই পূজা । কোনোবা বোৱাৰীক যদি মাতৃ গৃহৰ পৰা ফোন কৰি জনালে,কাৰোবাক আকৌ পেহীয়েকে মেছেজত শুৱা পাটিতে কলে। মাহি,মহা,ওচৰৰ বাইদেউ, খুড়াহতো পুৱাৰ পৰা ব্যস্ত পটাগুটিক লৈ।মুঠতে ডিব্ৰুগড়টো ঠায়ে ঠায়ে পতা গুটি এতিয়া চৰ্চাৰ শীৰ্ষত।সকলোতে দেখা গৈছে পটা গুটিক পুজা কৰা।ভগৱানৰ ভকতি সদায় প্ৰণিধানযোগ্য । সেই ভক্তিত থকা শ্ৰদ্ধাই বৃদ্ধি কৰে বিশ্বাস । কিন্তু ভগৱানে সকলোকে দিছে বিবেক। একেখন বিশ্বৰে মানুহে যেতিয়া মঙল গ্ৰহত জীৱনৰ সন্ধান কৰিছে, তেনে সময়তে পটা গুটি ঠিয় হোৱা শিলগুটিক লৈ পূজা-অৰ্চনা কৰাত স্বাভাবিকতেই বিজ্ঞানৰ প্ৰতি জনগনৰ ধাউতি হ্ৰাস পাইছে নি,এতিয়া এক লাখ টকীয়া প্ৰশ্ন !













