ASSAM TIMES POST
নগাঁও: ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামক যিকোনো মুহূর্ততে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে । সম্প্ৰতি নগাঁও আৰক্ষীয়ে আৰক্ষীৰ অতিথিশালালৈ ধিং সমষ্টিৰ বিধায়কজনক তেওঁৰ জুৰীয়াৰ পৰমাইভেটিৰ বাসগৃহৰ পৰা আনি সোধা-পোছা কৰি আছে।
উল্লেখ্য, লাহৰিঘাটত স্হাপন কৰা এটা কোৱাৰেন্টাইন শিবিৰৰ ব্যৱস্থাপনাৰ লগতে শিবিৰটোত থকা কেইজনমান লোকৰ জীৱনৰ নিৰাপত্তা সম্পৰ্কত বিধায়কজনে সংবাদ মাধ্যমৰ এক টেলিফোনিক সাক্ষাৎকাৰত কেতবোৰ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
আনহাতে দিল্লীৰ নিজামুদ্দিনৰ জামাতৰ পৰা উভতি অহা কোনো এজন লোকেই কৰোনা ভাইৰাছত আক্রান্ত হোৱা নাই বুলি তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি পক্ষপাতমলক মনোভাৱ পোষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এনেবোৰ কাৰণতে বিধায়ক আমিনুল ইছলামক নগাঁও আৰক্ষীয়ে সোধা-পোছা কৰি থকা বুলি জানিব পৰা গৈছে ।













