ASSAM TIMES POST
নিউজ ডেস্ক
মহামাৰী ক’ৰ’ণা ভাইৰাচৰ মাজতে আজি বিশ্ব জুৰি পালন কৰা হৈছে বিশ্ব স্বাস্থ্য দিৱস।ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোলোলে বিশ্ব স্বাস্থ্য দিৱসৰ উপলক্ষে চিকিৎসাৰ সেৱাত জড়িত সকলক ধন্যবাদ জ্ঞাপন কৰে।সামাজিক মাধ্যৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে সকলোকে জনাইছে শুভেচ্ছা। উল্লেখ যে ক’ভিড-১৯ৰ বিৰুদ্ধে নিজৰ জীৱনক তুচ্ছ কৰি চিকিৎসাসেৱা প্ৰদান কৰি আছে চিকিৎসক-নাৰ্চ সকলে।

চিকিৎসক, নাৰ্ছ আৰু ধাত্ৰীসকলকে ধৰি স্বাস্থ্যসেৱাত নিয়োজিত প্ৰতিজন কৰ্মীয়ে হৈছে আমাৰ স্বাস্থ্য সেৱাৰ জীৱন-ৰেখাস্বৰূপ।মুখ্যমন্ত্ৰী সোনোৱালে কয়।ইয়াৰ উপৰিও তেওঁ কয় যে-“বিশ্ব স্বাস্থ্য দিৱসত এইসকল সাহসী যোদ্ধাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে নিজৰ জীৱনকো সংকটত ৰাখি ক’ভিড-১৯ৰ বিৰুদ্ধে সন্মুখৰপৰা যুঁজ দি আছে। “
মুখ্যমন্ত্ৰী সনোৱালে স্বাস্থ্য খণ্ডৰ লগত জড়িত সকলৰ মংগল কামনা কৰাৰ লগতে । আজিৰ এই ক’ৰ’ণা ৰ বিৰুদ্ধে যুজৰ প্ৰত্যাহ্বানপূৰ্ণ সময়ত সকলোৱে তেখেত সকলৰ কাষত থিয় হব লাগে বুলি মুকলিকৈ আহ্বান জনাইছে।













