ASSAM TIMES POST
নিউজ ডেস্ক
নিজামুদ্দিন তবলীগ জামাতৰ পৰা ৰাজ্যলৈ সংক্ৰমণ হোৱা মহামাৰী ক’ৰ’ণা ভাইৰাছক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক আমিনুল ইছলামক জেললৈ প্ৰেৰণ।সোমবাৰে সন্ধিয়া নগাঁও আৰক্ষীয়ে সোধ-পোচৰ বাবে তলব কৰিছিল ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক গৰাকীক।দীঘলীয়া সময় সোধ-পোচৰ অন্তত আজি পুৱা বিধায়ক ইছলামক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে।
তাৰ পিছতে নগাঁও আৰক্ষীয়ে বিধায়ক গৰাকীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তৱ্য কৰাৰ অপৰাধত এক গোচৰ ৰুজু কৰিছিল।সেই গোচৰৰ ভিত্তিত নগাঁও আদালতে ১৪দিনৰ বাবে জেললৈ প্ৰেৰণ কৰিছে বিধায়ক ইছলামক। উল্লেখ যে বিধায়ক ইছলামে এটা অডি’অ জৰিয়তে সাম্প্ৰদায়িক মন্তৱ্য প্ৰকাশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল।













