ASSAM TIMES POST
ডিফু : মহামাৰী সদৃশ ক’ভিড19 কলৈ দেশজুৰি আতংকময় পৰিবেশ চলি থকাৰ সময়ত এই বেমাৰক প্ৰতিৰোধ কৰিবলৈ কাৰবি আংলং জিলা প্ৰশাসনেও বিভিন্ন প্ৰকাৰে জিলাখনৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত বিশেষ সজাগতা আৰু সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰা পৰিলৰক্ষিত হৈছে ৷


জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনেও ২৪ ঘণ্টাই ৰাইজৰ সেৱাত আত্মনিয়োজন কৰি আহিছে ৷ আজি ডিফুস্থিত আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ উদ্যোগত জ্যেষ্ঠ নাগৰিক আৰু প্ৰতিটো সম্প্ৰদায়ৰ দুজনকৈ লোকক আমন্ত্ৰণ কৰি এক সজাগতা সভা অনুষ্ঠিত কৰে ৷
সভাত জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া আৰু আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী উপস্থিত থাকে ৷ সভাত ক’ভিড19 ৰ বিৰুদ্ধে দীঘলীয়া যুঁজখনত জয়ী হবলৈ প্ৰস্তুতি আৰু বিভিন্ন প্ৰতিৰোধমুলক ব্যৱস্থাৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ লগতে প্ৰতিটো মুহুৰ্তত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হয় ৷













