ASSAM TIMES POST
নগাঁও : মাৰ্কাজ একাডেমী নগাঁও আৰু আলহাফিজ ফাউণ্ডেচনৰ যৌথ উদ্যোগত আৰু মৌলানা হাফিজুৰ ৰহমান, মোস্তাফা কামাল, শ্বৰিফ উজ জামান, ইক্ৰামুল ইচলাম আদিৰ দৰে সচেতন লোকৰ প্ৰচেষ্টাত বিভিন্ন ব্যক্তি-অনুষ্ঠানৰ দান – বৰঙণিৰে লকডাউনৰ সময়ত আৰ্থিক ভাবে দুৰ্বল লোকৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ।

উল্লেখিত সংগঠন দুটাই নগাঁও চহৰৰ সমীপৰ সোনাইঘাট চলচলি, কাতিমাৰী, চিলঙনী, শিমলুগুৰি অঞ্চলৰ পাঁচ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত শাক-পাচলি আৰু চাউল সহ দহ কিলোগ্ৰাম ওজনৰ একোটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। দুৰ্যোগৰ সময়ত দুৰ্গতজনক সহায়ৰ হাত আগবঢ়োৱা এনে প্ৰচেষ্টাক বিভিন্নজনে শলাগ লয়।













