ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
লক-ডাউন চলি থকাৰ মাজতে বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ নামৰ সংগঠনটোৰ উপদেষ্টা সোনেশ্বৰ নৰহ আৰু প্ৰনৱ দলেক আজি গ্ৰেপ্তাৰ কৰে বোকাখাত আৰক্ষীয়ে ৷ মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে , বোকাখাত আৰক্ষী থানাত পুৰ্বতে ৰজু থকা ২০১৮ চনৰ ২৯০ নম্বৰ গোচৰৰ আধাৰত আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷
সোনেশ্বৰ নৰহ আৰু প্ৰনৱ দলেৰ বিৰুদ্ধে ৰজু থকা গোচৰত ভাৰতীয় দণ্ডাবিধি আইনৰ ১০৯ , ১৮৮ , ৩৫৩ আৰু ৩৪১ ধাৰাত তেওঁলোকক আটক কৰি আজি বোকাখাতৰ আদালতত হাজিৰ কৰে ৷ আদালতে দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ইফালে জীপাল কৃষক শ্ৰমিক সংঘৰ মতে কাজিৰঙা সমবায় সমিতিত সংঘৰ্টিত হোৱা চাউল কেলেংকাৰীৰ বিৰুদ্ধে মাত মতাৰ বাবেই প্ৰশাসনে সোনেশ্বৰ নৰহ আৰু প্ৰনৱ দলেক আটক কৰিছে বোকাখাত আৰক্ষীয়ে ৷
সমবায় সমিতিখনত সংঘৰ্টিত প্ৰায় ন শ কুইন্টল চাউলৰ কেলেংকাৰীৰ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উচ্চ পৰ্যায়ৰ তদন্তৰে ইতিমধ্যেই বোকাখাত আৰক্ষী থানাত এক এজাহাৰো দাখিল কৰিছিল ৷ ইয়াৰ পাচতেই নেতা দুজনক গ্ৰেপ্তাৰ কৰা বুলি জীপাল কৃষক শ্ৰমিক সংঘই জনায় ৷













