ASSAM TIMES POST
অজন্তা তালুকদাৰ
যিসময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে সমস্ত দেশবাসীক লক-ডাউন হৈ স্বগৃহত সোমাই থাকি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ বাৰম্বাৰ আহ্বান জনাই আছে, যি সময়ত ৰাজ্যখনত প্ৰতি মুহূৰ্ততে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে সেইসময়তে সৰ্বশিক্ষা মিছনৰ মুখ্য কাৰ্যালয়ৰ দোঁহাই দি বিভিন্ন বিষয়াসকলে শিক্ষক শিক্ষয়িত্ৰী সকলক ব্যতিব্যস্ত কৰিছে বুলি আক্ষেপ প্ৰকাশ কৰিছে অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে।

সাম্প্ৰতিক সময়ত সামাজিক ব্যৱধান মানি চলাটোৱেই কৰ’ণা সংক্ৰমণ ৰোধৰ অন্যতম উপায় বুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে দেশবাসীক বাৰম্বাৰ সতৰ্ক কৰি থকাৰ পাছতো অসমৰ বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ বাবে অসম সৰ্বশিক্ষা অভিযান মিছনে বাৰম্বাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰা কাৰ্যত হতভম্ব হৈ পৰিছে অভিভাৱক আৰু শিক্ষক সমাজ। উল্লেখ্য যে কৰ’ণাৰ ভয়াবহতাৰ পৰা ৰক্ষা পাবৰ বাবেই লক-ডাউনৰ জড়িয়তে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে।
সামাজিক মিলামিচা হ্ৰাস কৰিবৰ বাবেই বন্ধ দিয়া হৈছে শিক্ষানুষ্ঠান। তেনে সময়ত বিদ্যালয় সমূহত মধ্যাহ্ন ভোজন বিতৰণ কৰিবলৈ নিৰ্দেশ দি বিভাগটোৱে দুমুখীয়া স্থিতি গ্ৰহণ কৰা বুলি অভিযোগ উঠিছে। সেয়েহে বৰ্তমান পৰিস্থিতিত আক্ষেপ প্ৰকাশ কৰি সন্মিলনীৰ সম্পাদক গৰাকীয়ে লগতে কয় যে সৰ্বশিক্ষা মিছনৰ উৰ্দ্ধতম মহলৰ পৰা ইতিমধ্যে শিক্ষক শিক্ষয়িত্ৰী সকলক ঘৰে ঘৰে গৈ মধ্যাহ্ন ভোজনৰ চাউল বিতৰণৰ বাবে দিয়া নিৰ্দেশৰ ওপৰিও ছাত্ৰ ছাত্ৰীসকলৰ ফোন নম্বৰ সমূহ সংগ্ৰহ কৰিবলৈও নতুনকৈ ৱাটচ্ এপ বাৰ্তাযোগে নিৰ্দেশ আহিছে।
সেয়েহে সম্পাদক গৰাকীয়ে সমগ্ৰ বিষয়টোত অসম চৰকাৰৰ শিক্ষামন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰি ফোন নম্বৰ সংগ্ৰহ কৰাৰ নামত লক-ডাউনৰ নিয়ম ভংগ কৰি যাতে ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে যাবলৈ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত হেঁচা প্ৰয়োগ কৰা নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা মন্ত্ৰীলৈ অনুৰোধ জনায়। সম্পাদক গৰাকীয়ে অভিভাৱক সকললৈকো অনুৰোধ জনায় যে বৰ্তমান সময়ত কৰ’ণাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকল যাতে লক-ডাউনৰ নিয়ম উলংঘা কৰি স্বগৃহৰ পৰা বাহিৰ হৈ নাহে আৰু বৰ্তমান সময়ত দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ পালন কৰিব পৰাকৈ বিভাগীয় নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ শিক্ষা বিভাগৰ বিষয়া সকললৈ অনুৰোধ জনায়।













