ASSAM TIMES POST
জ্যেষ্ঠ সাংবাদিকে দিলে আশ্ৰয়:তীব্ৰ চাঞ্চল্য
বিভাস দুৱৰা,ডিব্ৰুগড়: ৰাইজৰ নিয়ম অমান্য কৰাৰ বাবেই আজি এজন লোকক সমাজৰ পৰা বহি:স্কাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ স্বৃষ্টি কৰিছে মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত। জৰুৰী সেৱাত ব্ৰতী লোকজনক এনেদৰে সমাজৰ পৰা খেদি দিয়াক লৈ হৈছে ব্যাপক প্ৰতিক্ৰিয়া।সম্প্ৰতি ক’ভিড-১৯ বা ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰন কৰিছে।বিশ্বৰ চিকিৎসা বিজ্ঞানী সকলে এই ভাইৰাছৰ পৰা পৰিত্ৰান পাবলৈ নিতৌ গৱেষণাত ব্যস্ত হৈ পৰিছে,যদিও এই পৰ্যন্ত কোনো স্থায়ী সমাধানৰ সূত্ৰ বা প্ৰতিষধক ভেকচিন উলিয়াবলৈ সমৰ্থ হোৱা নাই।
যদিও প্ৰচেষ্টা অব্যহাত আছে।ইউৰোপীয় দেশসমূহৰ পৰা শিক্ষা লৈ ভাৰত চৰকাৰে এদিনৰ বাবে জনতা কাৰ্ফিউ আৰু পৰৱৰ্ত্তী সময়ত ২১ দিনৰ বাবে সমগ্ৰ দেশত লক-ডাউন ঘোষনা কৰাৰ পিছত ভাৰতবৰ্ষত কিঞ্চিত হলেও হকাহ লাভ কৰিছিল যদিও পৰৱৰ্ত্তী সময়ত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত প্ৰতক্ষ্যভাবে বা পৰোক্ষভাবে যোগদান কৰি,ভাৰতৰ বিভিন্ন ৰাজ্যলৈ সম্প্ৰসাৰিত হোৱাৰ পিছতেই সমগ্ৰ দেশৰ লগতে অসমতো ক’ৰোনা ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা অভাৱনীয়ভাবে বৃদ্ধি পোৱাত যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে।
শেহতীয়াকৈ ডিব্ৰুগড়তো নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহন কৰা বা তাৰ মানুহৰ সংস্পৰ্শলৈ অহা লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে যদিও এই পযৰ্ন্ত সকলো নিগেটিভ বুলি জানিব পৰা গৈছে।তৎস্বত্বেও জিলা স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে নতুন তথ্য লাভ কৰিলেই তৎপৰতাৰে লোকজনৰ কোৱাৰেন্টাইনৰ ব্যবস্থা কৰিছে।স্বাস্থ্য বিভাগৰ উপৰিও ৰেলৱে বিভাগে সন্দেহযুক্ত ক’ৰোনা ৰোগত আক্ৰান্ত লোকক কোৱাৰেন্টাইন কৰিবৰ বাবে ডিব্ৰুগড়ত এখন বিশেষ ৰেলত চিকিৎসক,নাৰ্চ আৰু পেৰামেডিকেল ষ্টাফ ৭ দিনেই ২৪ ঘন্টাই থাকি ৰোগীৰ চিকিৎসা কৰিবৰ বাবে সাজু কৰি তুলিছে।জিলাখনত ১০৮ আৰু ১০৪ সেৱা অধিক কাৰ্যক্ষম কৰি তোলা হৈছে।
লক ডাউনৰ সময়চোৱাত চহৰখনত পুৱাৰ ভাগত বহু লোকে খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ অযুহাত লৈ বহু স্থানত ভিৰ কৰা পৰিলক্ষিত হৈছে।পুৱা ৮ বজাতে পাইকাৰী বিক্ৰেতা সমূহে দোকান খুলি দিয়াত; চহৰৰ পৰা দূৰণীবটীয়া ৰাইজে নিজ নিজ অঞ্চললৈ খাদ্য সামগ্ৰী নিজ নিজ বাইকত নিব লগাত পৰিছে।আনহাতেদি ক’ৰোনা ভাইৰাছৰ সংক্ৰমনৰ বিষয়ে চৰকাৰে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে সঘনাই প্ৰচাৰ কৰি আহিছে যদিও বহু অন্ধবিস্বাসী লোকে এই ক’ৰোনাৰ নামত বহু অপপ্ৰচাৰত লিপ্ত হৈছে।
চৰকাৰ কঠোৰ হলেও কিন্তু বহু অঞ্চলত ৰাইজে নিজে কিছু নিয়ম বান্ধি দিয়াত ক’ৰোনাতকৈ এনে কিছুমান সামাজিক ব্যাধিয়ে বহুতৰে জীৱনলৈ অমানিশা কৰিয়াই আনিছে।তেনে এক ঘটনা আজি সংঘটিত হল ডিব্ৰুগড় চহৰৰ মাজমজিয়াত।ৰাইজে বান্ধি দিয়া নিয়ম নমনাৰ বাবেই আজি এগৰাকী ব্যক্তিক উক্ত সমাজৰ পৰা চিৰদিনৰ বাবে বহি:স্কাৰ কৰা হয়।জানিব পৰা মতে পেশাত এগৰাকী বৈদ্যুতিক মিস্ত্ৰীয়ে আজি বিশেষ এক কামৰ বাবে অঞ্চলটোৰ পৰা কৰ্মৰ স্থানলৈ যাব লৈছিল।
কিয়নো বিদ্যুৰ কাম জৰুৰী সেৱাত পৰে,সেয়ে কৰ্মৰ গুৰুত্ব বুজি ব্যক্তিজনে ঘৰৰ পৰা যাব লঁওতেই পৰিয়ালৰ লগতে অঞ্চলৰ ৰাইজে পুনৰ ঘৰলৈ ঘূৰি নাহিবলৈ সঁকিয়াই দিয়ে,নহলে কথা বিষম হব বুলিও জনায়।ব্যক্তিগৰাকীয়ে মাত্ৰ কাম কৰিয়েই,কোনো ব্যক্তিৰ লগত সৰ্ম্পক নৰখাকৈ ঘূৰি আহিম বুলি জনায়।কিন্তু অঞ্চলটোৰ ৰাইজ নাচোৰবান্দা!ব্যক্তিগৰাকীয়ে নিজ কৰ্তব্য সমাপন কৰি ঘৰলৈ ঘূৰি যাওতেই,বহু অপমান কৰি ৰাইজে ঘূৰাই পথায় দিয়ে।
অৱশেষত ব্যক্তি গৰাকীক ডিব্ৰুগড়ৰ এজন জ্যেষ্ঠ সাংবাদিকে আশ্ৰয় প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দিয়া বুলি জানিব পৰা গৈছে।আনহাতেদি ক’ৰোনাত আক্ৰান্ত বুলি কোৱাৰেন্টাইনত ৰখাৰ পিছত যিসকলৰ নিগেটিভ ৰিজাল্ট আহিছে(বৰ্তমানলৈ ডিব্ৰুগড়ত এজনো পজিটিভ নাই) তেঁওবিলাকেও সমাজৰ বিভিন্ন শ্ৰেনীৰ লোকৰ পৰাও বহু আপত্তিজনক মন্তব্য শুনিবলৈ পোৱা বুলি অভিযোগ কৰিছে।
সমাজৰ এক অপৃশ্ব্য-বোজা হৈ পৰাৰ দৰে মানিসিকতা লাহে লাহে গা কৰি উঠিছে।ঘৰৰ পদুলিত থিয় হব নোৱাৰা,পথৰ মানুহৰ লগত কথা পাতিব নোৱাৰা আদিৰ দৰে সমস্যাৰ স্বৃষ্টি হৈছে,কোৱাৰেন্টাইনৰ পৰা মুকলি হোৱা ব্যক্তিসকল।বৰ্তমানে সমাজত ক্ৰিয়া কৰি থকা এনে বিষ-বাস্পই এক সুদূৰ প্ৰসাৰী প্ৰভাব পেলোৱাৰ অৱকাশ আছে। সমাজত এতিয়া ক’ৰোনা ভাইৰাছৰ সমান্তৰালকৈ এনে কিছুমান ব্যাধিয়ে গা কৰি উঠিছে যে ক’ৰোনা ভাইৰাছ নিয়ন্ত্ৰন হৈ পৰিলেও এই ব্যাধিৰ বাবে বহু লোক মানসিকভাবে ৰুগ্ন হৈ পৰাৰ লগতে এচামে আত্মহননৰ দৰে পথ লবলৈ যে বাধ্য হব সেয়া নিশ্ছিত।













