ASSAM TIMES POST
নিউজ ডেস্ক
মাৰাত্মক ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে চৰকাৰে আহ্বান জনোৱা ২১দিনীয়া লকডাউন বৰ্তমান সময়লৈকে সুচাৰুপে মানিচলা প্ৰতিগৰাকী জনতালৈ ধন্যবাদ সদৌ অসম ছাত্ৰ সন্থা।লগতে ধন্যবাদ জনাইছেক’ভিড-১৯ বিৰোধী যুজঁত জড়িত হৈ থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, পৌৰ নিগম আৰু পৌৰ সভা কৰ্মচাৰীৰ প্ৰমুখ্যে জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱা লগত জড়িত ব্যক্তি সকলকো।এই কথা প্ৰকাশ কৰিছে আছু সভাপতি দীপাংক কুমাৰ নাথে।
“লকডাউনৰ সময়খিনিত আছু কর্মীসকলে সমগ্ৰ ৰাজ্য জিলাৰ লগতে অঞ্চলে অঞ্চলে দৰিদ্ৰ-গৰীৱ জনতাৰ কাষত থিয় দিছে।বিভিন্ন জনে যোগান ধৰিছে খাদ্য-সামগ্রীৰ উপৰিও ঔষধ পাতি।শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় জিলাৰ লগতে বহুকেইখক জিলাৰ জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাই দৰৱ-ঔষধপাতি যোগান ধৰিবলৈ প্ৰচেষ্টা কৰিছে” সভাপতি নাথে জানিবলৈ দিয়ে।
ইজনে-সিজনক সহায় কৰি আমি আগবাঢ়ি যাব লাগিব বুলি তাপৰ্য পূৰ্ণ মন্তৱ্য প্ৰকাশ কৰি সভাপতি নাথে কয় ” বেমাৰ যাতে কোনো কাৰণত বিয়পি পৰিব নোৱাৰে।সমগ্ৰ অসমত ক’ভিড-১৯ৰ বিৰুদ্ধে যুজঁ দিবলৈ সকলো একত্ৰিত হব লাগিব”।লক ডাউন শেষ হোৱাৰ পিছত অৰ্থাৎ অহা সাতটা দিনৰ পিছত সামান্য শিথিলতা হয়তো আহিব।
সেই সময়ত আছুকর্মী সকলে এটা কথা মনত ৰখাৰ উচিত বুলি উল্লেখ কৰি সভাপতি নাথে আছুকর্মী সকলক আহ্বান জনায় কয় “প্ৰত্যেক গাঁও-মফচলিয় অঞ্চল যিবোৰ বৰ্তমান সময়তো চেনিতাইজ হোৱা নাই অথবা ক’ৰনা ভাইৰাচৰ সংক্ৰমন নাশ কৰা কোনো দ্ৰব্য গৈ পোৱা নাই সেই অঞ্চল সমূহত ছাত্ৰ সন্থা কর্মী সকলে কৃষকৰ স্প্ৰিয়েৰ মেচিন আছে জৰিয়তে ব্লিছিং পাউদাৰ তথা চৰকাৰীভাৱে চেনিটাইজা কৰা যিসমূহ দ্ৰব্য আছে সেই সমূহ যুগুত কৰি নিজাকৈ সেই অঞ্চল সমূহৰ চুকে-কোন সামৰি চেনিটাইজাৰ কৰিব লাগে”।
লগতে অহাকালি অৰ্থাত বুধবাৰৰ পৰা সকলো আঞ্চলিক ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থাই এই কথাটোত গুৰুত্ব দি আগবাঢ়িব লাগে।চৰকাৰ তথা প্ৰশাসনে সাঙুৰি লব নোৱাৰা অঞ্চল সমূহ প্ৰশাসনৰ অনুমতি লৈ চেনিটাইজা কৰাটো উচিত হব”-নাথে লগতে কয়।













