ASSAM TIMES POST
নিউজ ডেস্ক
মাৰাত্মক ক’ৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ সংগ্রামত নিয়োজিত হৈ থকা ৰাজ্য আৰক্ষীৰ আৰু স্বাস্থ্যসেৱাত নিয়োজিত কর্মী সকললৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ৫০লাখ টকা স্বাস্থ্য বীমা।ৰাজ্যে চৰকাৰৰ প্ৰদক্ষেপক আদৰণি জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।
“স্বাস্থ্যকৰ্মী-আৰক্ষী বাহিনীৰ লগতে ক’ভিড-১৯ বিৰোধীৰ অভিযানত প্ৰত্যক্ষভাৱে নিয়োজিত চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক ৫০লাখ টকাৰ যি স্বাস্থ্য বীমা আঁচনিৰ অধীনত সামৰি লোৱা কথাতো ধন্যবাদ জনাইছোঁ”- সভাপতি বৰাই এইদৰে কয়।
তাৰ মাজতে চৰকাৰক আহ্বান জনায় তেওঁ কয় ” সমান্তৰালভাৱে সংবাদ-মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলো যিহেতু ক’ভিদ-১৯ বিৰোধী অভিযানত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে।তেওঁলোককো চৰকাৰে ৫০লাখ টকা স্বাস্থ্য বীমা আঁচনিৰ অধীনলৈ আনিব লাগে”। উল্লেখযে বিভিন্ন সময়ত ৰাজ্যত কৰ্মৰত সাংবাদিক সকলেও এই সন্দৰ্ভত চৰকাৰক জনাই আহিছে আহ্বান।













