ASSAM TIMES POST
জামুগুৰিহাট : দেশত চলি থকা লকডাউনৰ সময়চোৱাত যাতে ৰাইজে বিশেষকৈ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আগবঢ়োৱা সম্পূৰ্ণ বিনামূলীয়াকৈ খাদ্য-সামগ্ৰী বিতৰণ কাৰ্যসূচীৰ অংশ হিচাপে কালি সমষ্টিটোৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তত খাদ্য-সামগ্ৰী বিতৰণ কৰা হয়। পশ্চিম মূঢ়াদল গাঁওপঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱী, পঞ্চায়তৰ সদস্যসকলৰ লগতে একাংশ সচেতন যুৱকে পঞ্চায়তটোৰ অধীনস্থ প্ৰায় ২ হাজাৰটা দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য-সামগ্ৰী ।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এই বিতৰণ ব্যৱস্থাৰ সময়ত যাতে সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চায়তটোৰ অধীনৰ প্ৰতিঘৰ মানুহৰ ঘৰলৈকে গৈ পদূলিয়ে পদূলিয়ে খাদ্য-সামগ্ৰীৰ টোপোলা বিতৰণ কৰা দৃশ্য সচাঁই প্ৰশংসনীয় । কেইবাখনো গাড়ীৰে পদূলিয়ে পদূলিয়ে কৰা এই বিতৰণ ব্যৱস্থাত সাধাৰণ জনতাক কৰ’ণা ভাইৰাছৰ সজাগতামূলক বক্তব্যও আগবঢ়োৱা পৰিলক্ষিত হয় ।
জানিব পৰা মতে, অহা দুটা দিনৰ ভিতৰত সমষ্টিটোৰ প্ৰায় ৪০ হাজাৰটা পৰিয়ালক পদ্ম হাজৰিকাই প্ৰদান কৰিব এনে খাদ্য সম্ভাৰ । লক্ষণীয় বিষয় যে, এই বিতৰণ ব্যৱস্থাত কোনো দল সংগঠন, ধনী দুখীয়া তথা জাত-পাতৰ বিচাৰ নকৰাকৈ বিনামূলীয়া খাদ্য সম্ভাৰসমূহ বিতৰণ কৰা দেখা গ’ল । বিধায়ক পদ্ম হাজৰিকাৰ এনে মহান পদক্ষেপক অঞ্চলবাসীয়ে শলাগ লয় ।













