ASSAM TIMES POST
ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদৌলগুৰিৰ ঐতিহাসিক আহলে চুন্নত জুম্মা মছজিদৰ উদ্যোগত আজি দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰা হয়। অঞ্চলটোৰ বিশিষ্ট ব্যক্তি চিৰাজুল হক, পকাবাঙি গাঁৱৰ গাওঁবুঢ়া আয়ুব আলি আৰু ভাৰত পেট্ৰলিয়ামৰ বৰদৌলগুৰিস্থিত তেল ডিপোৰ সহযোগত অঞ্চলটোৰ হিন্দু-মুছলিম উভয়ৰে প্ৰায় ৬০টা পৰিয়ালক চাউল, দাইলকে ধৰি অত্যাৱশ্যকীয় ৰেচন প্রদান কৰা হয়।
এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানটিত উপস্থিত থাকে বৰদৌলগুৰি জুম্মা মছজিদৰ ইমাম মৌলানা চাইদুৰ ৰহমান, মছজিদ পৰিচালনা সমিতিৰ সভাপতি গিয়াছুদ্দিন আহমেদ, গাওঁবুঢ়া আয়ুব আলি, বিশিষ্ট ব্যক্তি ক্ৰমে নিজামুদ্দিন আহমেদ, চামচুল হক, আৰফান আলী, নজৰুল ইছলাম, মতিনুৰ ৰহমান, অমিনুল হককে ধৰি কেবাগৰাকীও ব্যক্তি। অনুষ্ঠানটো পৰিচালনা কৰে সাংবাদিক আজিজুৰ ৰহমান হাজৰিকাই।













