ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণত আতংক পৃথিৱী৷ এই পৃথিৱীবাসীয়ে ক’ৰ’ণাৰ পৰা পৰিত্ৰাণ পাবলৈ নিতৌ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে৷ তাৰ মাজতে এচামে নাজানে স্বাস্থ্য ৰক্ষাৰ নিয়ম৷ এটি অবুজ শিশু৷ হয়তো জ্যেষ্ঠৰ নিৰ্দেশত মুখত পিন্ধিছে মাস্ক৷ কিন্তু কোলাত এটা নিস্পাপ জীৱ কুকুৰ৷
শিশুটিয়ে নাজানে বীজাণুৰ সংক্ৰমণৰ কথা, নাজানে ক’ৰ’ণাৰ কথা, নাজানে পৰিষ্কাৰৰ কথা৷ কাৰ্বি আংলঙৰ দণ্ডাধীশ নুপুৰ বৰাৰ কেমেৰাত বন্দী ডিফুৰ ছাৰথে কিলিং গাঁৱৰ এই অবুজ নিস্পাপ শিশুটি













