ASSAM TIMES POST
ডিফু : সমগ্ৰ দেশত মহামাৰী সদৃশ কৰ’না ভাইৰাছে তমসাচ্ছন্ন কৰি ৰখাৰ সময়ত সমাজৰ একাংশ মানৱদৰদী লোকে ক’ভিড 19 ৰ সৈতে যুঁজ দিবলৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজীলৈ সাধ্যানুসাৰে সাহায্য আগবঢ়াই আহিছে ৷
সেই মৰ্মে পাহাৰীয়া জিলা কাৰবি আংলঙকে ধৰি ৫ খন জিলাৰ ডিৱাই ৩৬৫ৰ ব্ৰুৰ’ চীফ ৰাজবীৰ সিঙে সমৰ্থনুযায়ী এক ক্ষুদ্ৰ সাহায্যৰ প্ৰয়াসেৰে এটি চেক আজি ডিফু চহৰত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত অৰ্পণ কৰে ৷
ইতিমধ্যে মুখ্যকাৰ্যবাহী সদস্য গৰাকীৰ সাহায্য পূঁজীলৈ ডিফুৰ সদাশয় ব্যক্তি বিশেষে সাহায্য আগবঢ়াই থকা বুলি জানিব পৰা গৈছে ৷ আজি ডিফু চহৰৰ এক ছেনিটাইজেছন কাৰ্যসূচীৰ শুভ উদ্ধোধনত অংশ গ্ৰহণ কৰিবলৈ অহা সময়ত কৰ্তব্যৰত অৱস্থাত ৰাজবীৰ সিঙে চেকটো মুখ্যকাৰ্যবাহী সদস্য গৰাকীৰ হাতত অৰ্পণ কৰে ৷













