ASSAM TIMES POST
অজন্তা তালুকদাৰ,বোকাখাত
স্বাস্থ্য তথা শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত একাংশ শিক্ষক আৰু কৰ্মচাৰী চাকৰিয়ালে ৫ টা অথবা ততোধিক পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদানেৰে সকাহ আগবঢ়াইছে। আজি মহকুমাটোৰ বিভিন্ন স্থানৰ পৰা এনে বাতৰি আহিয়েই আছে। ভকত চাপৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অমৰজ্যোতি মৰাঙে প্ৰায় ৩৫ টা পৰিয়ালক বিতৰণ কৰিছে খাদ্য সামগ্ৰী।
শাৰিৰীকভাবে বাধাগ্ৰস্ত শিক্ষক গৰাকীয়ে নিজে ঠেলা চলাই বিতৰণ কৰিছে খাদ্য সামগ্ৰী। দুদিনৰ আগতে নিজৰ সাঁচতীয়া ধনৰ ৫৫৫৫ টকা অসম আৰোগ্য নিধিলৈ আগবঢ়োৱা অন্বেষা কাশ্যপৰ পিতৃ মাতৃ ৰঞ্জিত শৰ্মা আৰু উমা আচাৰ্য্যইও আজি কুৰিৰো অধিক পৰিয়াললৈ আগবঢ়াইছে খাদ্য সামগ্ৰী। নুমলীগড় শোধনাগাৰৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰৱন্ধক, বৰ্তমান গুৱাহাটী নিবাসী পি কে বৰুৱাই বোকাখাতৰ খতিয়াখলিৰ দহটা পৰিয়াললৈ আগবঢ়াইছে খাদ্যৰ টোপোলা।
ইফালে ৰজাবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনে আৰোগ্য নিধিত জমা দিছে ২৫ হাজাৰ টকা। অৱসৰপ্ৰাপ্ত একাউণ্ট বিষয়া প্ৰভাত হাজৰিকাইও নিধিলৈ আগবঢ়াইছে দহ হাজাৰ টকা। বোকাখাতৰ ‘ঢৌ’ নামৰ সংগঠনটোৱে গ্ৰামাঞ্চলৰ একাংশ ৰাইজৰ মাজত বিতৰণ কৰিছে খাদ্য সামগ্ৰী। যুৱ প্ৰজন্মৰ বিভিন্নজন একগোট হৈ নিজাববীয়াকৈ বিভিন্ন স্থানত বিতৰণ কৰিছে খাদ্য সামগ্ৰী।
পাহী এণ্ড ৰাজ প্লাজাৰ স্বত্বাধিকাৰ জিতু শইকীয়াই দণ্ডাধীশ নিশিতা বৰাৰ সহযোগত ৬০ পৰিয়াললৈ আগবঢ়াইছে খাদ্য দ্ৰব্যৰ টোপোলা। সাংবাদিক নীলু আচাৰ্য্যৰ পৰিয়ালৰ তৰফৰ পৰাও ৩০ ঘৰক খাদ্য সামগ্ৰীৰ সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি সাংবাদিক গৰাকীয়ে জানিবলৈ দিছে।













