ASSAM TIMES POST
বোকাখাত : বোকাখাতত গৰিষ্ঠসংখ্যক ৰাইজে সুশৃংখলিতভাৱে দেশত চলি থকা লক-ডাউন মানি চলাৰ বিপৰীতে আজি একাংশ ৰাইজে এই শৃংখলা ব্যাহত কৰি লক-ডাউন উপেক্ষা কৰা দেখা গ’ল। ফলত কৰ’ণা প্ৰতিহত কৰিবৰ বাবে সমগ্ৰ দেশৰ লগতে বোকাখাত মহকুমা প্ৰশাসন তথা ৰাইজে পালন কৰি অহা সকলো প্ৰচেষ্টা অথলে যোৱাৰ উপক্ৰম হৈছে।
বোকাখাত নগৰত দেখা গ’ল কাজে অকাজে সেৰেঙাকৈ হ’লেও যান-বাহনৰ চলাচল। পদব্ৰজে একাংশৰ বেপৰোৱা চালচলন। বিশেষকৈ বোকাখাতৰ বিত্তীয় প্ৰতিষ্ঠান সমূহত গাত গা লগাই সমবেত হ’ল শ শ লোক। নাই কোনো সামাজিক ব্যৱধান। খোদ বোকাখাত নগৰৰ অসম গ্ৰামীণ বিকাশ বেংক, ইণ্ডিয়ান বেংক, ইউ বি আই, ষ্টেট বেংককে ধৰি অন্যান্য বেংক প্ৰতিষ্ঠান, এ টি এম সমূহৰ বাহিৰত গ্ৰাহকৰ ভীৰ।
বেংকৰ ভিতৰলৈ কিছু নিয়ম শৃংখলাৰ মাজেদি বেংক কৰ্তৃপক্ষই সোমাবলৈ দিছে যদিও বাহিৰত যেন লক-ডাউনৰ উলংঘনৰ অঘোষিত প্ৰতিযোগিতা। ৰজাবাৰীস্থিত অসম গ্ৰামীণ বিকাশ বেংক, এই বেংকৰ গ্ৰাহক সহায়ক কেন্দ্ৰতো দেখা গ’ল একেই ভীৰ। জানিব পৰা মতে একাংশ গ্ৰাহকৰ একাউণ্টত ৫০০ তকৈ লক-ডাউনৰ সকাহৰ ধন সোমাইছে। এই ধন উঠাবলৈ এইদৰে ভীৰ কৰিছে গ্ৰাহকে। গোলাঘাট জিলাত কৰ’ণাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে বোকাখাতত দেখা দিয়া এই পৰিৱেশ অতিকে চিন্তনীয়।













