ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়
ক’ৰোনা ভাইৰাছৰ সংক্ৰমন বা প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশজুৰি ইতিমধ্যে লক ডাউনৰ সীমা ১২দিন অতিক্ৰম কৰিছে।এই সময়চোৱাত জীৱকুল-পক্ষীকুলৰ লগতে এতিয়া কাল অমানিশা নমাই আনিছে ৰাজ্যৰ গো-পালক আৰু মহৰ খুটি থকা লোকসকলৰ বাবে।লাখ-লাখ টকা বেংকৰ পৰা ঋণ লৈ এনে খুটিত একো একোজন ব্যৱসায়ীয়ে ৪০-৫০টাকৈ গৰু-মহ দুগ্ধ উৎপাদনৰ বাবে ৰাখিছে।
প্ৰতি দিনেই প্ৰতিপালনৰ নামত ব্যয় কৰিব লগা হৈছে বহু হাজাৰ টকা।এনে খুটিৰ পৰা একোজন পশু পালকে দৈনিক ৪০/৫০ লিটাৰ দুগ্ধ উৎপাদন কৰি ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থানলৈ প্ৰেৰন কৰে।কিন্তু দেশত লক ডাউন হোৱাৰে পৰা এতিয়া বহু বিমোৰত পৰিছে এই গো বা মহ পালক সকল।নিতৌ অনিষ্ট হৈছে লিটাৰে লিটাৰে গাখীৰ।বহু বিশুদ্ধ গাখীৰ পেলাই দিব লগীয়া হোৱাত বহু আক্ষেপ প্ৰকাশ কৰে ডিব্ৰুগড়ৰ বগীবিলত থকা মহ খুটিৰ ব্যৱসায়ী প্ৰদীপ গগৈ,তুলন গগৈ,পবিত্ৰ সোনোৱাল আদি সকলে।

তেঁওবিলাকে অভিযোগ কৰি কয় যে গাখীৰ সেৱা অত্যাবশ্যকীয় সেৱাৰ ভিতৰত পৰে।তথাপিও চহৰখনৰ বহু গোৱালা লক ডাউনৰ বাবে আহিব পৰা নাই।আৰীক্ষয়ে ৰেহাই নিদিয়াৰ বাবেই হয়তো তেওবিলাক আহিব পৰা নাই বুলি সদৰি কৰে।তাৰোপৰি সকলো চাহৰ দোকান,মিঠাইৰ দোকান বন্ধ হোৱাৰ বাবে গাখীৰৰ চাহিদা পূৰ্বৰ তুলনাত একেবাৰে হ্ৰাস পাইছে।সেয়ে উৎপাদিত গাখীৰ নষ্ট হোৱা বুলি জানিবলৈ দিয়ে মহ পালক পবিত্ৰ সোনোৱালে।
আনহাতেদি লক ডাউনৰ বাবে পাবলৈ নোহোৱা হৈছে গৰু-মহৰ ঔষধ।কোনো ৰোগত আক্ৰান্ত হলে এতিয়া ঔষধ বাদেই পশু চিকিৎসকৰো অভাব ঘটিছে।ডিব্ৰুগড় জিলাৰ বগীবিলত কেইবাটাও এনে মহৰ খুটি সমূহত গৰু-মহৰ বেমাৰৰ বাবে উপলব্ধ হোৱা নাই পৰ্যাপ্ত দৰৱ।চিকিৎসাৰ অবিহনেই মৃত্যু হৈছে এটাৰ পাছত এটা গৰু-ম’হ।মাত্ৰ কিছু দিনৰ পূৰ্বে জন্ম হোৱা এটি মহৰ পোৱালি আজি বিনা চিকিৎসাৰে মৃত্যু হয় বগীবিলৰ মহৰ খুটিত।
এই পৰ্যন্ত জিলা পশু চিকিৎসালয়ৰ পৰা কোনো চিকিৎসক বা ঔষধ দিয়া হোৱা নাই উক্ত খুটিসমূহত।কেবল গাখীৰেই নহয়,জীৱনৰ বহু কষ্টোপাৰ্জিত ধন প্ৰতি দিনে পানীত পৰা দেখি,এতিয়া মুৰে-কপালে হাত দিব লগীয়া হৈছে।সেয়ে গোপালক সকল আৰু মহ খুটি থকা সকলে চৰকাৰক এই ক্ষেত্ৰত শ্ৰীঘে বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাইছে।













