ASSAM TIMES POST
ডিব্ৰুগড় : সমগ্ৰ বিশ্বত এতিয়া ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে৷ ৭০ হাজাৰো অধিক লোক এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে অব্যাহত আছে দেশত লকডাউন৷ লকডাউনৰ সময়ত দৰিদ্ৰ জনসাধাৰণক কিছু সকাহ দিয়াৰ বাবে চৰকাৰে সূলভ মূল্যৰ চাউলৰ লগতে ৰেচন কাৰ্ড নথকাৰ প্ৰতিটো ৱাৰ্ডৰ পৰা ২০ গৰাকী দৰিদ্ৰ লোকক ১০০০ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিছে চৰকাৰে।
কিন্তু অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত এনে আঁচনিত অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীসকলৰ মাজত বিতৰণত ব্যাপক অনিয়ম সংঘটিত হৈছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত বকুল গাঁও পঞ্চায়ত, লাহোৱাল গাঁও পঞ্চায়ত, ৰমাই গাওঁ পঞ্চায়তকে ধৰি বহু কেইটা গাঁও পঞ্চায়তত আৰু মৰাণ বিধান সভা সমষ্টিৰ কুটুহা পঞ্চায়তত একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে ব্যাপক অনিয়ম সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
অভিযোগ অনুসৰি লাহোৱাল গাঁও পঞ্চায়তৰ কাউঞ্চিলাৰ গৰাকীয়ে এগৰাকী ৱাৰ্ড সদস্যৰ অজ্ঞাতে হিতাধিকাৰীৰ নামৰ তালিকা প্ৰস্তুত কৰি পঞ্চায়ত সভাপতিৰ পৰা অনুমোদন লোৱাৰ পিছতেই সকলো তথ্য পোহৰলৈ আহিছে । পাছত বিষয়টোয়ে লাহোৱাল আৰক্ষীৰ কাষ চাপিছিল যদিও শাসকীয় দলৰ উদ্ধৰ্তম কৰ্তৃপক্ষৰ হেঁচাত সিমানতে স্থগিত ৰখা হয় বুলি অভিযোগ উত্থাপিত হৈছে। ইফালে বকুল গাঁও পঞ্চায়তটো ধন বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱা অভিযোগ আহিছে ।
আনহাতে ৰমাই গাঁও পঞ্চায়তৰ এগৰাকী বিজেপি কৰ্মীয়ে প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা এক হাজাৰ টকাৰ পৰা ২০০ টকাকৈ আত্মসাৎ কৰাৰ লগতে হিতাধিকাৰীৰ নামৰ তালিকাত নিজৰ পত্নীৰ নাম অন্তৰ্ভূক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৰাইজৰ অভিযোগৰ ভিত্তিত লাহোৱাল উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰুহিতাছ শইকীয়াই লাহোৱাল থানাত ৰমাই গাঁও পঞ্চায়তৰ সভাপতি আৰু ২ নং ৱাৰ্ডৰ সদস্যাৰ বিৰুদ্ধে ইতিমধ্যে এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷ উক্ত এজাহাৰ ভিত্তিত লাহোৱাল আৰক্ষীয়ে৭৪/২০২০,৪০৬/৪২০/৩৪ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলি মত প্ৰকাশ কৰিছে । ইফালে উক্ত ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লাহোৱাল সমষ্টিৰ বিধায়ক ৠতুপৰ্ণ বৰুৱাই এইসকল পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে অতিশীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰিছে ।













