ASSAM TIMES POST
গুৱাহাটী : মহামাৰী ক’ৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশ জুৰি চৰকাৰে ঘোষণা কৰিছে ২১দিনীয়া লকডাউন।লকডাউনৰ সময়ছোৱাত প্ৰশাসন তথা চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱা লগত জড়িত গাড়ী বাহিৰে কোনো কাৰণতে চলাচল কৰিব নোৱাৰিব ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বাহন।

যোৱা ২৪মাৰ্চৰ পৰা কাৰ্যকৰি হোৱা লকডাউন শেষ হবলৈ ছয়টা দিন বাকী থকাৰ সময়তে খোদ গুৱাহাটী একাংশ দায়িত্বজ্ঞানহীন মহানাগৰিকে প্ৰশাসনৰ নির্দেশনাক উলংঘন কৰি নিজ-নিজ বাহনত ৰাজপথলৈ ওলাই আহিছে।গণেশগুৰি গণেশমন্দিৰ পৰা উৰণীয়া হেতুলৈ প্ৰশাসনৰ বাধা স্বত্তেও অন্যদিনৰ ব্যস্ততাৰ দৰে ৰাজপথত শ-শ গাড়ী।সমগ্ৰ পথচোৱাত তীব্ৰ যান-জট।নিয়ন্ত্ৰণ কৰি ভাগৰি পৰিছে মহানগৰী পুলিচ প্ৰশাসন।আৰক্ষী অনুৰোধৰ পিছতো কোনো সঁহাৰি নাই দায়িত্বজ্ঞানহীন মহানাগৰিকৰ।
ইফালে দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰনা আক্রান্ত সংখ্যা।ৰাজ্যত বৰ্তমান সময়লৈকে আক্রান্ত হৈছে ২৮জনকৈ ব্যক্তি তাৰ পিছতো খোদ দিছপুৰৰ কাষতে প্ৰশাসনক নিয়ন্ত্ৰণহীন কৰাৰ লগতে আইন ভংগ কৰি এইদৰে ৰাজপথত তীব্ৰ যান-জট দৃশ্যই অস্বস্তিত পেলাইছে সচেতন নাগৰিকক।সচেতন সমাজে চৰকাৰ তথা প্ৰশাসনৰ সোপা-ঢিলা নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় “লকডাউনৰ প্ৰথম দিন কেইটাত লকডাউন ভংগকাৰী বিৰুদ্ধে যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেই একে কঠোৰ ব্যৱস্থা কিয় মহানগৰীৰ অভিজাত সমাজৰ বিৰুদ্ধে গ্ৰহণ কৰিব পৰা নাই।আইন ভংগ কৰি যান-বাহন লৈ অহা দায়িত্বজ্ঞানহীন মহানাগৰিকৰ বিৰুদ্ধে গ্ৰহণ কৰক কঠোৰ ব্যৱস্থা”-চৰকাৰলৈ সচেতন ৰাইজৰ মুকলি আহ্বান।













