ASSAM TIMES POST
নগাঁও: দেশজুৰি চলা লকডাউনৰ সময়চোৱাত নগাঁও জিলাৰ বিভিন্ন আৰক্ষী থানাত লকডাউন অমান্য কৰা সন্দৰ্ভত ২১ গোচৰ ৰুজু হোৱাৰ লগতে ১৯ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
আনহাতে আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে ২৬ মাৰ্চৰ পৰা কালি সন্ধিয়া পৰ্যন্ত জিলাখনৰ বিভিন্ন স্থানত ৩১৫ খন বাহনো আৰক্ষীয়ে জব্দ কৰে।
জব্দ কৰা বাহন সমূহৰ ভিতৰত এখন ট্ৰাক, ৩৬খন চাৰিচকীয়া বাহন, ৫খন তিনিচকীয়া বাহন আৰু ২৭৩ খন দুচকীয়া মটৰচাইকল আছে। আনহাতে লকডাউনৰ সময়চোৱাত বিভিন্ন গাড়ী চালকৰ পৰা ১৩ হাজাৰ টকাৰ জৰিমনা বিহা হয়।













