ASSAM TIMES POST
অজন্তা তালুকদাৰ,
কৰ’ণা ভাইৰাচৰ ত্ৰাসে এতিয়া সৰ্বত্ৰে কঁপাই তুলিছে মানৱ সভ্যতাৰ ভেঁটি; সাম্প্ৰতিক সময়ৰ এক সৰ্বনাশী গোলকীয় প্ৰত্যাহ্বান এই মহামাৰী। কিন্তু তাৰ মাজতে আছে বোকাখাতৰ বাবে ভাল খবৰো। কৰ’ণাৰ ভয়াবহতাৰ এই সময়চোৱাতে দৰাচলতে অসমৰ জলবায়ুত উৰি ফুৰে কলেৰা, টায়ফয়েড, মেলেৰীয়া, বসন্ত, ডায়েৰীয়া, শ্বাসজনীত আদি বিভিন্ন ৰোগ।
এই ৰোগসমূহে ফাগুন-চ’ত মহীয়া সময়চোৱাত সাধাৰণতে বৃদ্ধি কৰে ৰোগীৰ সংখ্যা। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে লক-ডাউনৰ বাবেই যোৱা ১৪ টা দিনত কমিছে বোকাখাতত এনে ৰোগত আক্ৰান্ত অথবা সাধাৰণ ৰোগীৰ সংখ্যা। এই সম্পৰ্কে আজি এক তথ্য ডাঙি ধৰি বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ মিলন কুমাৰ লস্কৰে কয় যে যোৱা ৮ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ চৈধ্যদিনত মুঠ ৩,৫১৭ গৰাকী ৰোগী চিকিৎসালয়খনলৈ চিকিৎসাৰ বাবে আহিছিল।
তেওঁলোকক ব্যৱস্থাপত্ৰ, ঔষধৰ লগতে প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হৈছিল। কিন্তু ২৪ মাৰ্চত লক-ডাউন ঘোষণা কৰা দিনাৰে পৰা ৮ এপ্ৰিললৈ এই ১৬ দিনত চিকিৎসালয়খনলৈ চিকিৎসাৰ বাবে আহে মাত্ৰ ১,৫৩৫ গৰাকী ৰোগী। অৰ্থাৎ আগৰ ১৪ দিনতকৈ পাছৰ ১৬ দিনত ১৯৮২ গৰাকী ৰোগী হ্ৰাস পালে।
সোঁচৰা ৰোগৰ পৰা এই সময়চোৱাত ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ হিচাপে চিকিৎসা বিষয়াগৰাকীয়ে আৰু কয় যে এই সময়চোৱাতে লক-ডাউনৰ ফলত সকলো লোক ঘৰুৱা পৰিবেশত থাকিবলৈ লোৱা, কল-কাৰখানা আৰু যান-বাহনৰ চলাচলৰ পৰা হ’ব পৰা প্ৰদূষণ ৰোধ হোৱা, বাহিৰৰ পাচলি আৰু মাছ-মাংস বৰ্জন, মাস্ক-গ্ল’ভচ্ আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰা, বিশেষকৈ শতকৰা ৯০ ভাগ ৰোগৰ মূল কাৰক হাত দুখন দিনে কমেও ২০-৩০ বাৰ ধুই থকাৰ বাবেই অৰ্থাৎ মূলতঃ কৰ’ণা সাৱধানতাৰ বাবেই এই থলুৱা ব্যাধি সমূহে এতিয়া দেখা দিয়া নাই। ফলত হাস্পটালত হ্ৰাস পাইছে অন্যান্য সাধাৰণ ৰোগীৰ সংখ্যা ।













