ASSAM TIMES POST
গুৱাহাটী : ক’ৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা লকডাউনৰ পৰিপেক্ষিতত অসমতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে। বিশেষকৈ সমাজৰ খাটি খোৱা লোকসকল বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈছে।
দেশবাসীৰ বৃহত্তৰ স্বাৰ্থত আহ্বান জনোৱা লকডাউনৰ সময়ত যাতে দুখীয়া শ্ৰেণীৰ ৰাইজ বিপদৰ সন্মুখীন নহয় তাৰবাবে বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ আমোলা-বিষয়াৰ পৰা আৰম্ভ কৰি সকলো কৰ্মচাৰীকে দৰমহা লাভৰ পিছত নূন্যতম ৫ টাকৈ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ বাবে আহ্বান জনাইছিল।
বিত্ত মন্ত্ৰী ড° শৰ্মাৰ এই আহ্বানৰ প্ৰতি চৰকাৰী বিষয়া-কৰ্মচাৰী সকল ব্যাপক সঁহাৰি জনাইছে। সেই অনুসৰি গুৱাহাটীৰ কাহিলিপাৰাৰ কৃষ্ণকান্ত সন্দিকৈ নগৰত বসবাস কৰা প্ৰায় ৩০ গৰাকী চৰকাৰী কৰ্মচাৰী একত্ৰিত হৈ দুখীয়া পৰিয়ালসমূহৰ কাষত থিয় দিয়ে। চৰকাৰী কৰ্মচাৰী কেইজনে যৌথ প্ৰচেষ্টাৰে বৃহস্পতিবাৰে কাহিলিপাৰাৰ কৃষ্ণকান্ত সন্দিকৈ নগৰত বাস কৰা ১০০ ৰো অধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।
৫ কিলো চাউল, ১ কিলো ডাইল, আলু, মিঠাতেল, নিমখ, চয়াবিন, চাবোন আদিকে ধৰি অত্যাৱশ্যকীয় খাদ্যৰ এটাকৈ টোপোলা প্ৰতিটো পৰিয়ালৰ হাতত তুলি দিয়ে। খাদ্য সামগ্ৰী গ্ৰহণ কৰি পৰিয়ালসমূহে কৰ্মচাৰী সকলক বিপদৰ দিনত তেওঁলোকৰ কাষত থিয় দিয়াৰ বাবে অশেষ ধন্যবাদ তথা আৰ্শীবাদ জনায়। একেদৰে অঞ্চলটোৰ ৰাইজেও চৰকাৰী কৰ্মচাৰীসকলৰ এনে পদক্ষেপক আদৰণি জনায়।













