ASSAM TIMES POST
গুৱাহাটী : লকডাউনৰ সময়ত গুৱাহাটী মহানগৰীত আৰক্ষীয়ে জব্দ কৰিছে ২৯৯৭খন বাহন।দুচকীয় ২৭১৭খন, তিনিচকীয়া ২৪০খন বাহন জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে।এই কথা প্ৰকাশ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।মহানগৰী মুঠ ২০খন থানাত জব্দ কৰা হৈছে এই বাহন সমূহ। ইয়াৰ উপৰিও আয়ুক্ত গুপ্তাই প্ৰকাশ কৰা অনুসৰি লকডাউনৰ আৰম্ভণি দিনটো অৰ্থাৎ ২৪মার্চ পৰা ৯এপ্ৰিললৈ মহানগৰীৰ আৰক্ষীয়ে ১১,৯১,৫০০ টকা জৰিমনা আদায় কৰিছে।
একেদৰে এই সময়ছোৱাত Non FIR কেচ কৰ্টলৈ প্ৰেৰণ কৰা হৈছে মুঠ ১২০৩টা।গুৱাহাটী পানবজাৰস্থিত মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি আয়ুক্ত গুপ্তাই যান বাহন চলাচল সন্দৰ্ভত গ্ৰহণ কৰা নতুন নিয়মৰ কথাও ৰাইজক অৱগত কৰে।সেই অনুসৰি লক ডাউনৰ সময়চোৱাত বিভাগীয় অনুমতি থকা সকলো বাহন গুৱাহাটীত এতিয়াৰে পৰা নিজৰ ইচ্ছা অনুসৰি চলিব নোৱাৰিব।
যুগ্ম-অযুগ্ম সংখ্যা ভিত্তিত চলাচল কৰিব লাগিব বিভাগৰ অনুজ্ঞাপত্ৰ থকা গাড়ী সমূহ।আজি মহানগৰীত পঞ্জিয়নৰ শেষৰ সংখ্যা যুগ্ম থকা বাহন চলাচল কৰিবলৈ দিয়া হৈছে অনুমতি।একেদৰে শনিবাৰে অযুগ্ম নম্বৰ থকা।দেওবাৰে যুগ্ম সংখ্যা থকা বাহন চলাচল কৰিব গুৱাহাটীত।এই কথা জানিবলৈ দিয়ে আয়ুক্ত গুপ্তাই।অৱশ্যে এই নিয়মৰ পৰা বাহিৰত আছে আৰক্ষী বাহন, চিকিৎসা সেৱা, সংবাদ মাধ্যমৰ গাড়ী, পানী আৰু মালবাহী ট্ৰাক সমূহ।
আনহাতে এই জটিল সময়ছোৱাত সামগ্ৰী বিতৰণ কৰিব যাওঁতে আৰক্ষী-প্ৰশাসনৰ ফালৰ পৰা অনুমতি লোৱাটো গুৰুত্ব বুলি উল্লেখ কৰে আয়ুক্ত গুপ্তাই।তাপৰ্য পূৰ্ণ কথা এই যে লকডাউন দিনকেইটাত গুৱাহাটীত পাৰিবাৰিক সংঘাতৰ কোনো গোচৰ ৰুজু হোৱা নাই।













