ASSAM TIMES POST
ডিফু : ক’ভিড19 ৰ প্ৰাদূৰ্ভাৱকলৈ সমগ্ৰ দেশজুৰি লকডাউনৰ বাবে সাধাৰণ জনতাৰ জীৱনলৈ নামি অহা খাদ্যবস্তুৰ কৃত্ৰিম নাটনি পুৰাবলৈ দেশৰ চৰকাৰৰ লগতে একাংশ মহানুভৱীলোকে আৰ্তজনৰ কাষত থিয় দি এমুঠি অন্নৰ যোগান ধৰি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ সময়ত পাহাৰীয়া জিলাতো লকডাউন হৈ থকা আৰ্তজনলৈ বিভিন্নজনে সহায়ৰ হাত আগবঢ়াই ৷

পাহাৰীয়া জিলা কাৰবি আংলঙৰ উপায়ুক্ত হিচাপে মুকুল কুমাৰ শইকীয়াই সমগ্ৰ জিলাখনৰ আৰ্তজনৰ মাজত চৰকাৰী সাহায্য উপলব্ধ কৰাবলৈ সক্ৰিয় ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ জিলাৰ মুৰব্বী বিষয়া হিচাপে উপায়ুক্ত গৰাকীয়ে আজি জিলা প্ৰশাসন আৰু বিৰলাস্থিত 20BN CRPFৰ কামাণ্ডিং বিষয়াৰ যৌথ উদ্যোগত ডিফু ৰাজহ চক্ৰৰ হেমাৰী বে’ গাঁৱৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰে ৷













