ASSAM TIMES POST
লকডাউনৰ লগত মানুহৰ স্বাস্থ্য আৰু জীৱনৰ সুৰক্ষা জড়িত হৈ আছে : নগাঁৱৰ ডি চি
নগাঁও : নগাঁও চহৰত লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে আজি স্বয়ং জিলা উপায়ুক্তই চলালে অভিযান । জিলা উপায়ুক্ত যাদৱ শইকীয়াই আজি নগাঁও চহৰত লকডাউন উলংঘাকাৰীক কঠোৰ সকিয়নী প্ৰদান কৰি লকডাউনৰ নীতি মানি চলিবলৈ নিৰ্দেশ দিয়ে। উপায়ুক্ত গৰাকীয়ে লকডাউন উলংঘা কৰা কেবাখনো যান বাহন জব্দ কৰাৰ ব্যৱস্থা গ্ৰহন কৰে।
আনহাতে নগাঁও জিলাত একাংশ লোকে লকডাউনৰ নীতি নিৰ্দেশনা উলংঘা কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিলা উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কৰোনা ভাইৰাছৰ সংক্ৰমণক লৈ আমাৰ ৰাজ্যখনৰ পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে । কৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাৰ লগতে এজন লোকৰ মৃত্যু হৈছে । তেনেক্ষেত্রত ৰাইজে পৰিস্থিতি উপলব্ধি কৰা উচিত ।
একাংশ লোকে সৰু-সুৰা কামত যান-বাহন লৈ ঘুৰি ফুৰা দেখিবলৈ পোৱা গৈছে ।প্ৰশাসনে আবেদন কৰিব পাৰে অথবা নিৰ্দেশনা দিব পাৰে । কিন্তু ইয়াক মানি চলাটো ৰাইজৰ কথা । জিলা উপায়ুক্ত গৰাকীয়ে আৰু কয় যে লকডাউন আইন-শৃংখলা জনিত বিষয় নহয় । ইয়াৰ লগত মানুহৰ স্বাস্থ্য আৰু জীৱনৰ সুৰক্ষা জড়িত হৈ আছে। এইকথা উপলব্ধি কৰি সকলোৱে লকডাউনৰ নীতি নিৰ্দেশনা মানি চলা উচিত । তেওঁ লকডাউনৰ নীতি নিৰ্দেশনা মানি চলিবলৈ সকলোকে আহ্বান জনায়। অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলি সতৰ্ক কৰি দিয়ে।
উল্লেখ্য, কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা লকডাউনৰ নীতি নিৰ্দেশনাক আওকান কৰি নগাঁও চহৰত একাংশ লোকে মুক্ত ভাবে বিচৰণ কৰি ফুৰাত সচেতন মহল উদ্বিগ্ন হৈ পৰে । আনকি নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত একাংশ লোকে বজাৰ সমাৰ, ঔষধ ক্ৰয় কৰাৰ নামত সামাজিক দুৰত্ব নামানি এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ।চহৰখনৰ ঔষধৰ দোকান, গেলামালৰ দোকানৰ সন্মুখত গ্ৰাহকৰ যান বাহনৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে।আনহাতে একাংশ যুৱকে লকডাউন উলংঘা কৰি টহল দি থকা দেখা গৈছে।
আনহাতে লকডাউন অমান্য কাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও একাংশই আৰক্ষীৰ অভিযানলৈ কেৰেপ নকৰি লকডাউনৰ নীতি উলংঘা কৰি আহিছে। ইতিমধ্যে এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ লগতে সচেতন মহলে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰি আহিছে । ইপিনে আজি জিলা উপায়ুক্ত গৰাকীৰ এনে পদক্ষেপৰ পিছতে নগাঁও আৰক্ষী তৎপৰ হৈ পৰে। নগাঁও আৰক্ষীয়ে ল’কডাউন উলংঘাকাৰীৰ বিৰুদ্ধে চহৰখনৰ বিভিন্ন স্থানত অভিযান চলাই ৩০খন যান বাহন জব্দ কৰে। ইয়াৰ ভিতৰত ৬ খন চাৰি চকীয়া বাহনো আছে।













